অসম

assam

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণ পত্ৰৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীয়ে পৰিশোধ কৰিছে অতিৰিক্ত ধন

ETV Bharat / videos

APDCL bill scam: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণ পত্ৰৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীয়ে পৰিশোধ কৰিছে অতিৰিক্ত ধন - APDCL bill scam

By

Published : Jun 15, 2023, 5:03 PM IST

মৰিগাঁও, 15 জুন : সমগ্ৰ ৰাজ্যত বিদ্যুতৰ মাছুল বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে মৰিগাঁৱৰ দলৈচুবা মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ আজৱ কাণ্ড। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে প্ৰমাণ পত্ৰ নিবলৈ দিবলগীয়া হৈছে বিদ্যুতৰ বিল। মৰিগাঁও চহৰৰ সমীপৱৰ্তী দলৈচুবা মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা । বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক লোকমান আলীয়ে নৱম আৰু সদ্য মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা নীতি বৰ্হিভূতভাৱে সংগ্ৰহ কৰিছে ধন। 

এইবেলি মেট্ৰিক উত্তীৰ্ণ ছাত্ৰী-ছাত্ৰীসকলক প্ৰমাণ পত্ৰ প্ৰদানৰ বাবে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰিছে ১০০ টকাকৈ। ইয়াৰোপৰি নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা ৰেজিষ্টেচনৰ বাবদ সংগ্ৰহ কৰিছে ৪০০ টকাকৈ, য’ত চৰকাৰক জমা দিব লাগে মাত্ৰ ২৫০ টকা। 

কাৰ নিৰ্দেশত ধন সংগ্ৰহ কৰি থকা বুলি প্ৰধান শিক্ষক গৰাকীক প্ৰশ্ন কৰাত তেওঁ উত্তৰ দিয়ে যে কোনোধৰণৰ নিৰ্দেশ নোহোৱাকৈ তেওঁ প্ৰমাণ পত্ৰ প্ৰদান আৰু ৰেজিষ্ট্ৰেশ্যনৰ বাবদ ধন সংগ্ৰহ কৰিছে। ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা ধন বিদ্যালয়ৰ বিদ্যুতৰ মাচুল দিয়া আৰু বিজুলী পাংখা মেৰামতি কৰাৰ উপৰিও বিদ্যালয়ৰ দুৱাৰ মেৰামতি কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে ৷ 

এতিয়া প্ৰশ্ন হৈছে যে, যদি বিদ্যুতৰ বিল দিবলৈ ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰিব লগীয়া হয় তেনেহ’লে চৰকাৰে বিদ্যালয়ৰ মেৰামতি বাবদ দিয়া হাজাৰ হাজাৰ টকা কাৰ পকেটলৈ যায় ? 

লগতে পঢ়ক:Allegation against Agricultural dept: গুদামতেই নষ্ট হ'বলৈ ধৰিছে কৃষকৰ বাবে আবন্টিত সাৰ আৰু বীজ

ABOUT THE AUTHOR

...view details