অসম

assam

চিলাপথাৰ কেন্দ্ৰীয় ব'হাগী উৎসৱ

ETV Bharat / videos

Rongali Bihu in Dhemaji: আৰম্ভ হ’ল চিলাপথাৰ কেন্দ্ৰীয় ব'হাগী উৎসৱৰ সোণালী জয়ন্তী বৰ্ষ সমাৰোহৰ - Rongali Bihu in Dhemaji

By

Published : May 3, 2023, 10:15 AM IST

জোনাই, ৩ মে':পাঁচ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে চিলাপথাৰ কেন্দ্ৰীয় ব'হাগী উৎসৱৰ সোণালী জয়ন্তী বৰ্ষ সমাৰোহৰ (Golden Jubilee of Central Bohagi Festival of Silapathar)। মঙলবাৰে আৰম্ভণিৰ দিনা মঞ্চ মুকলি অনুষ্ঠান সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৰ মাজত অনুষ্ঠিত কণী যুঁজত ভূৱন পেগুক পৰাস্ত কৰে সাংসগৰাকীয়ে ৷ চিলাপথাৰ ৰাজীৱ গান্ধী ক্ৰীড়া সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হৈছে চিলাপথাৰ কেন্দ্ৰীয় ব'হাগী উৎসৱৰ সোণালী জয়ন্তী অনুষ্ঠান ৷

সোণালী জয়ন্তী বৰ্ষৰ ৫০ খন বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা সাংসদ প্ৰদান বৰুৱা আৰু সাধাৰণ সম্পাদক তথা জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৰ লগতে বিশিষ্ট ব্য়ক্তিসকলে (Rongali Bihu 2023 in Silapathar) । কেন্দ্ৰীয় ব'হাগী উৎসৱ উদযাপন সমিতিৰ সৈতে ওতঃপ্ৰোতভাৱে জৰিত ব্যক্তিৰ দ্বাৰা ১০০ জোপা গছপুলি ৰোপণ কৰা হয় ।

এই অনুষ্ঠানৰ সমন্বয় ক্ষেত্ৰত মিচিং, বড়ো, সোণোৱাল, দেউৰী আদি বিভিন্ন কৃষ্টি দলে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ৷ বৰ বিহুৱতী, হুঁচৰি বিহুৰ প্ৰথম পুৰস্কাৰ এক লাখ ৷ মিচিং হুচৰি বিহুৰ প্ৰথম পুৰস্কাৰ হৈছে ৫০ হাজাৰ । পাঁচদিনীয়া কাৰ্যসূচীৰ অন্তিম দিনা অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ।  

লগতে পঢ়ক:2 years of HBS govt: ১০ মে’ত হিমন্ত চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিৰ বাবে কি দৰে চলিছে প্ৰস্তুতি ?

ABOUT THE AUTHOR

...view details