অসম

assam

আঁহতগুৰিত হেঁপাহৰ ৰঙালী বিহু উদযাপন

ETV Bharat / videos

Rongali bihu 2023: আঁহতগুৰিত হেঁপাহৰ ৰঙালী বিহু উদযাপন - আঁহতগুৰিত হেঁপাহৰ ৰঙালী বিহু উদযাপন

By

Published : Apr 15, 2023, 4:44 PM IST

মৰিগাঁও,15 এপ্ৰিল: অসমীয়াৰ আদৰৰ, অসমীয়া জাতিৰ চিনাকি তিনিটি বিহুৰ ভিতৰত ৰঙালী বিহুটি হ’ল প্ৰতিজন অসমীয়াৰ প্ৰাণস্বৰূপ (Rongali bihu 2023) ৷ পহিলা ব'হাগৰ পৰম্পৰা অনুসৰি মৰিগাঁও জিলা ঐতিহাসিক আঁহতগুৰি আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত পাঁচ দিনীয়াকৈ অনুষ্ঠিত হৈছে বাপতি সাহোন ৰঙালী বিহুৰ বিভিন্ন কাৰ্যসূচী (Rongali bihu celebrated at Ahatguri)।  

শনিবাৰে পুৱা অঞ্চলটোৰ বিহুৱা-বিহুৱতী, ঢুলীয়া, নাচনী সমবেত হৈ অনুষ্ঠানটোৰ প্ৰথমটো কাৰ্যসূচীৰ দিনা পতাকা উত্তোলন কৰে ৷ তাৰ পিচতে বন্তি প্ৰজলন কৰে আঁহতগুৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি যতীন্দ্ৰ ডেকাই । ইয়াৰ পিচতে বিহু কৰ্মশালাত অংশগ্ৰহণ কৰা নাচনীসকলে সমূহীয়া বিহু পৰিৱেশন কৰে । 

লগতে পঢ়ক:Rangali Bihu of Assam : আজি পহিলা ব'হাগ: পৰম্পৰা ৰক্ষা কৰি তেজপুৰত মানুহ বিহু পালন

পৰৱৰ্তী ৪ বহাগত এই বিহু কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'ব মাৰাথন দৌৰ প্ৰতিযোগিতা, চিত্ৰাংকণ প্ৰতিযোগিতা আৰু মুকলি বিহুৰ অনুষ্ঠান । আনহাতে সামৰণিৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি নিশা ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী মন্টুমণি শইকীয়াৰ গীতৰ শৰাইৰে বিহু সামৰণি পৰিব ৷ 

ABOUT THE AUTHOR

...view details