অসম আৰক্ষী সেৱাৰ প্ৰথম স্থানত উজলিল হোজাইৰ ৰোহিত চৌধুৰী - APSC Result 2022
Published : Jan 18, 2024, 10:49 PM IST
হোজাই, 18 জানুৱাৰী: অসম লোকসেৱা আয়োগ চমুকৈ এ পি এছ চিয়ে বুধবাৰে ঘোষণা কৰিছে ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল । মৌখিক পৰীক্ষাৰ পিচত এ পি এছ চিৰ অসম আৰক্ষী সেৱাৰ শীর্ষস্থান অধিকাৰ কৰা হোজাই চহৰৰ ৰোহিত চৌধুৰীয়ে ইউ পি এছ চিৰ বাবেও চলাই আছে প্ৰস্তুতি ।
হোজাইৰ নতুন বজাৰৰ গুৰুদ্বাৰৰ সমীপৰ বাসিন্দা অৱসৰপ্ৰাপ্ত বেংক বিষয়া বিকাশ চৌধুৰী আৰু নীতা চৌধুৰীৰ পুত্ৰ ৰোহিত চৌধুৰীৰ ফলাফলে তেওঁৰ আত্মীয়-স্বজন তথা হোজাইবাসীক উৎফুল্লিত কৰি তুলিছে । বিজ্ঞানৰ স্নাতক ৰোহিত চৌধুৰীয়ে ফলাফল লাভ কৰাৰ পিচতে সাংবাদিকক জানিবলৈ দিয়ে যে তেওঁ নিজাববীয়াকৈ ধৈর্যসহকাৰে এ পি এছ চিৰ বাবে প্ৰস্তুতি চলাইছে ।
এইক্ষেত্ৰত পিতৃ-মাতৃ, শিক্ষাগুৰু আৰু বন্ধু-বান্ধৱীৰ পৰা লাভ কৰা অনুপ্ৰেৰণাৰ কথাও তেওঁ উল্লেখ কৰে । ভৱিষ্যতে ইউ পি এছ চিৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে তেওঁ প্ৰস্তুতি চলাই থকা বুলিও জানিবলৈ দিছে ।