অসম

assam

জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগ

By

Published : May 20, 2023, 8:44 AM IST

ETV Bharat / videos

Junmoni Rabha mysterious death: জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগত মুখ্যমন্ত্ৰীক কি আহ্বান জনালে একালৰ সতীৰ্থ ৰকিবুল হুছেইনে ?

নগাঁও, ২০ মে’:আজিও পোহৰলৈ অহা নাই অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাৰ মৃত্যুক লৈ সৃষ্টি হোৱা ৰহস্য । জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিবলৈ অসম আৰক্ষীৰ অনুসন্ধান শাখাই তীব্রতৰ কৰি তুলিছে অভিযান (Junmoni Rabha death case) । এছ আই জোনমণি ৰাভাৰ মৃত্যু প্ৰসংগত শুকুৰবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে (Junmoni Rabha mysterious death) ।

বৰ্তমান গৃহ বিভাগৰ দায়িত্বত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী অন্য বিভাগৰ উত্তৰ দিয়া, বিমান বন্দৰৰ পৰা কাৰোবাক গ্ৰেপ্তাৰ কৰা আদি কামত ব্যস্ত থকা বুলি উল্লেখ কৰি গৃহ বিভাগ ত্যাগ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে (Congress leader Rakibul Hussain)।

জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগ উল্লেখ কৰি এনে কিছু ঘটনাৰ বাবে আন ৰাজ্য তথা ন্যায়ালয়ৰ ওচৰত অসম আৰক্ষীক হাঁহিয়াতৰ পাত্ৰ কৰা বুলিও তাচ্ছিল্য কৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ একালৰ ঘনিষ্ঠ বন্ধু ৰকিবুল হুছেইনে ।

 লগতে পঢ়ক:Junmoni Rabha death case updates: জোনমণি ৰাভাৰ মৃত্যু প্ৰসংগত চাৰি আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল'জ

ABOUT THE AUTHOR

...view details