অসম

assam

বলেৰ’ বাহনৰ আইনা ভাঙি লুটিলে নগদ ধন

ETV Bharat / videos

Robbery incident in Guwahati: ৰাজপথত ৰখাই থোৱা বলেৰ’ বাহনৰ আইনা ভাঙি লুটিলে নগদ ধন

By

Published : Aug 3, 2023, 4:10 PM IST

গুৱাহাটী, 3 আগষ্ট : মহানগৰীৰ জয়ানগৰত দিন দুপৰতে ডকাইতিৰ ঘটনা ৷ ৰাজপথত ৰখাই থোৱা বলেৰ’ বাহনৰ আইনা ভাঙি লুটি নিলে নগদ ধন সহ নথি-পত্ৰ থকা বেগ। বেলতলাৰ জয়ানগৰত সংঘটিত হৈছে এই ঘটনা । এই ডকাইতি কাণ্ডৰ সমগ্ৰ ঘটনা বন্দী হৈছে চিচিটিভিত। ডকাইতি হোৱা বলেৰ’ বাহনখনৰ নম্বৰ AS 01 FM 0699। 

জানিব পৰা মতে বেলতলা নিবাসী মনোজ শৰ্মা নামৰ এজন লোকে বাহনখন জয়ানগৰৰ ৰাজপথত ৰখাই বজাৰ কৰিবলৈ যাওঁতেই সংঘটিত হয় ঘটনাটো । উল্লেখ্য যে, জয়ানগৰ ট্ৰেফিক পইন্টত থকা আৰক্ষীৰ সন্মুখতেই এই ঘটনা সংঘটিত হোৱাত এতিয়া আচৰিত হৈছে ভুক্তভোগী লোকজন । বেলতলা অঞ্চলত দীৰ্ঘদিনৰ পৰা ঘূৰি ফুৰা একাংশ অচিনাকি সন্দেহযুক্ত লোকৰ ওপৰত সন্দেহ মনোজ শৰ্মাৰ। সম্প্ৰতি এই ঘটনাৰ পিচতে আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মনোজ শৰ্মাই।

লগতে পঢ়ক:New born baby deadbody recovered: নগাঁৱত জাৱৰৰ দমত উদ্ধাৰ মৃত নৱজাতক

ABOUT THE AUTHOR

...view details