অসম

assam

ETV Bharat / videos

Thieves terror in Nagaon : ফুট-গধূলিতে নগাঁৱত চিলনী চোৰৰ সন্ত্ৰাস - নগাঁৱত বৃদ্ধি পাবলৈ ধৰিছে অপৰাধমূলক কাৰ্যকলাপ

By

Published : Dec 9, 2022, 8:26 AM IST

Updated : Feb 3, 2023, 8:35 PM IST

অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে নগাঁও চহৰ (Crime in Nagaon) ৷ দিনক-দিনে যেন নগাঁৱত বৃদ্ধি পাবলৈ ধৰিছে অপৰাধমূলক কাৰ্যকলাপ ৷ ড্ৰাগছ, হাত্যাকাণ্ডৰ পাচত এইবাৰ নগাঁৱত চিলনী চোৰে চলাইছে সন্ত্ৰাস ৷ বৃহস্পতিবাৰে নগাঁৱত ফুট-গধূলিতে সংঘটিত হয় এক চুৰিকাৰ্য (Thieves terror in Nagaon)। মমি শইকীয়া নামৰ এগৰাকী মহিলাৰ ডিঙিৰ পৰা চিলনী চোৰে থপিয়াই নিছিল এডাল সোণৰ চেইন (Thieves Stole Jewellery)। এজন যুৱকৰ তৎপৰতাত নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত দুই চিলনী চোৰক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে ৷ ধৃত দুই চিলনী চোৰৰ নাম ক্ৰমে নিবাৰণ বৰুৱা আৰু জেফ্ৰি ধানোৱাৰ বুলি জানিব পৰা গৈছে । উল্লেখ যে, ভুক্তভোগী মমি শইকীয়া নগাঁও পৌৰসভা কাৰ্যলয়ত এগৰাকী কৰ্মচাৰী । ইফালে চিলনী চোৰ দুটাৰ পৰা আৰক্ষীয়ে AS-02-N-5494 নম্বৰৰ এখন দুচকীয়া বাহন জব্দ কৰিবলৈ সক্ষম হৈছে ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

...view details