Road Safety Week Awareness Rally: কলগাছিয়াত পথ সুৰক্ষা সপ্তাহৰ অন্তিম দিনটোত সজাগতা ৰেলী - Road safety week in India
সমগ্ৰ ভাৰতবৰ্ষতে ১১ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ২০২৩(Road safety week in India) । ভাৰতৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে অসমৰ প্ৰতিখন জিলাতো অনুষ্ঠিত কৰা হ'য় ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ২০২৩(National Road Safety Week 2023) ৰ বিভিন্ন কাৰ্যসূচী। অসম চৰকাৰৰ পৰিবহণ বিভাগৰ নিৰ্দেশ মৰ্মে ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ উপলক্ষে কলগাছিয়াতো আয়োজন কৰা হয় বিভিন্ন কাৰ্যসূচী (National Road Safety Week observed in Kalgachia) ।
বৰপেটা জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত কলগাছিয়া আৰক্ষী আৰু সাংবাদিকৰ সহযোগত আয়োজন কৰা হয় এই পথ সুৰক্ষা সপ্তাহ । পথ সুৰক্ষা সপ্তাহৰ অন্তিম কাৰ্যসূচী হিচাপে আয়োজন কৰা হয় এক সজাগতা মূলক ৰেলীৰ(Road Safety Week Awareness Rally) । এই ৰেলীৰ জৰিয়তে পথত কি ধৰণে দুৰ্ঘটনামুক্ত তথা নিৰাপদভাৱে যাতায়ত কৰিব পাৰি তাৰ ওপৰত জনসাধাৰণক সজাগ কৰাৰ ক্ষেত্ৰত এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰা পৰিলক্ষিত হয় ।
অসম চৰকৰৰ পৰিবহণ বিভাগৰ উদ্যোগত পথ সুৰক্ষাৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন ধৰণে প্ৰয়াস কৰা হয় । যাতে পথসমূহ সম্পূৰ্ণৰূপে দুৰ্ঘটনামুক্ত হয় । মঙলবাৰে কলগাছিয়া ষ্টেট বেংকৰ সমীপৰ পৰা ওলিওৱা সজাগতা ৰেলীটো কলগাছিয়া চাৰিআলি হৈ পাটবজাৰৰ পৰা পুনৰ ঘূৰি আহি কলগাছিয়া ষ্টেট বেংকৰ ওচৰত উপস্থিত হয়হি । ৰেলীৰ অন্তত ৬ গৰাকী সাংবাদিকক হেলমেট প্ৰদান কৰি সন্মান প্ৰদান কৰিলে কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমকান্ত শৰ্মাই ।