2023 বৰ্ষত নগাঁৱত পথ দুৰ্ঘটনাত 203 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে - ক’লা স্থান
Published : Dec 28, 2023, 9:32 AM IST
নগাঁও, 28 ডিচেম্বৰ : ৰাজ্যজুৰি অব্যাহত আছে পথ সুৰক্ষা সজাগতা অনুষ্ঠান ৷ বুধবাৰে নগাঁৱত পথ সুৰক্ষা সজাগতা অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই চলিত বৰ্ষত দুৰ্ঘটনাত নগাঁৱৰ 203 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে বুলি সদৰী কৰে ৷ ইয়াৰ উপৰিও বহুকেইজন লোক আহত হোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷
তেওঁ লগতে কয় যে, ইয়াৰে অধিকাংশ লোকেই নিজৰ ভুলৰ বাবে প্ৰাণ হেৰুৱাইছে ৷ বহু লোকে বাৰে বাৰে সজাগ কৰাৰ উপৰিও সুৰামত্ত অৱস্থাত বাহন চলোৱাৰ লগতে হেলমেট পৰিধান নকৰাৰ ফলতেই দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছে । দুৰ্ঘটনাৰ ক্ষেত্ৰত নগাঁৱৰ 21 টাকৈ স্থান ক’লা স্থান অৰ্থাৎ ব্লেক স্প’ট হিচাপে চিহ্নিত কৰিছে পৰিবহন বিভাগে ।
এই পথ সুৰক্ষা সজাগতা অনুষ্ঠানৰ অংশ হিচাপে আয়োজন কৰা বাইক ৰেলীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক:পথ দুৰ্ঘটনা সংঘটিত পাঁচ জিলাৰ অন্যতম নগাঁও : পৰিমল শুক্লবৈদ্য