Road Mishap: বৰপেটাৰোডৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা, এজন গুৰুতৰভাৱে আহত
Published : Oct 6, 2023, 11:46 AM IST
বৰপেটাৰোড, 6 অক্টোবৰ : বৰপেটাৰোডৰ কলহভাংগাৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। উত্তৰ প্ৰদেশৰ পৰা আহি থকা UP 30 AT 7777 নম্বৰৰ 14 চকীয়া মালভৰ্তি ট্ৰাকখন গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত আন এখন মালভৰ্তি ট্ৰাকে পিচপিনৰ পৰা প্ৰচণ্ড জোৰত খুন্দা মাৰে ৷ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ৷
এই দুৰ্ঘটনাত উত্তৰ প্ৰদেশৰ ট্ৰাক চালকজন গুৰুতৰভাৱে আহত হয় ৷ ঘটনাস্থলীত বৰপেটাৰোড আৰক্ষী উপস্থিত হোৱাৰ পিচত স্থানীয় ৰাইজৰ সহযোগত চালকজনক উদ্ধাৰ কৰি বৰপেটাৰোড প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ যদিও উত্তৰ প্ৰদেশৰ ট্ৰাক চালকজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁক ততাতৈয়াকৈ বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক:Flood in Guwahati; জলমগ্ন : কৃত্ৰিম বানত উটি গ’ল গুৱাহাটী মহানগৰৰ আভিজাত্য