পথ মেৰামতিৰ দাবীত পথ অৱৰোধ - Local people demanding road repairs in Barpeta
বৰপেটা জিলাৰ জনীয়া আৰু সৰভোগ সমষ্টিৰ সীমামূৰীয়া অঞ্চল চকচকাত কলগাছিয়াৰ পৰা সৰভোগলৈ যোৱা গড়কাপ্তানি পথছোৱা বিগত চাৰি বছৰ ধৰি জৰাজীৰ্ণ হৈ থকাত স্থানীয় ৰাইজৰ লগতে শ শ ছাত্ৰ ছাত্ৰীয়ে যমৰ যাতনা ভুগিব লগা হৈছে । উল্লেখযোগ্য যে, বিগত চাৰি বছৰ পূৰ্বে ৰাস্তাটো মেৰামতি কৰা হৈছিল যদিও এবছৰৰ ভিতৰতেই ৰাস্তাটো ভাঙি জৰাজীৰ্ণ হৈ পৰাত দুৰ্ভোগ ভুগিছে স্থানীয় ৰাইজে । ফলত আজি একাংশ দল-সংগঠন, স্থানীয় ৰাইজ আৰু শিক্ষাৰ্থীয়ে পথ অৱৰোধ কৰি ৰাস্তা মেৰামতি কৰিবলৈ চৰকাৰক দাবী জনায় (Road blockade in Barpeta) । প্ৰতিবাদকাৰীসকলে শীঘ্ৰে পথ মেৰামতিৰ ব্যৱস্থা কৰক, ৰাইজক হাৰাশাস্তিৰ পৰা ৰক্ষা কৰক, ছাত্ৰ-ছাত্ৰীক পথ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰক, ৰাইজৰ জীৱন ৰক্ষা কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে (Local people demanding road repairs in Barpeta) । শীঘ্ৰে পথ মেৰামতি নকৰিলে পৰৱৰ্তী সময়ত ভয়াৱহ আন্দোলন গঢ়ি তোলা হ’ব বুলিও ভাবুকি প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।
Last Updated : Feb 3, 2023, 8:28 PM IST