অসম

assam

By

Published : Nov 1, 2022, 10:57 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

ETV Bharat / videos

Road accident in Sipajhar: এম্বুলেঞ্চ আৰু তেল পৰিবাহী টেংকাৰৰ মুখামুখি সংঘৰ্ষত আহত পাঁচগৰাকী লোক

ছিপাঝাৰৰ বৰদৌলগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা (Road Accident)। দুৰ্ঘটনাত আহত পাঁচগৰাকীকৈ লোক ৷ এম্বুলেঞ্চ আৰু তেল পৰিবাহী টেংকাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো (Ambulance and oil tanker collided head on) ৷ জানিব পৰা মতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা টংলাৰ টোকানকাটালৈ এটি মৃত শিশুসহ এগৰাকী প্ৰসূতি কঢ়িয়াই আনিছিল এম্বুলেঞ্চখনে । দুৰ্ভাগ্যজনকভাৱে এম্বুলেঞ্চখনে মঙলদৈ-গুৱাহাটী অভিমুখী তেল পৰিবাহী টেংকাৰখনত সন্মুখৰ পৰা খুন্দা মৰাৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় এম্বুলেঞ্চৰ চালকজন ৷ চালকজন নগাঁৱৰ তেতেলীয়াৰ পৰাগজ্যোতি নাথ বুলি জানিব পৰা গৈছে । আহত লোককেইজনক ইতিমধ্যেই মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইফালে প্ৰসূতিগৰাকীৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে ৷
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details