কলগাছিয়াৰ চৰিয়তপুৰত পথ দুৰ্ঘটনাত কেইবাজনো আহত - Road accident at Kalgasia in Barpeta
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চৰিয়তপুৰ গাঁৱত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়(Road accident at Kalgasia in Barpeta)। জানিব পৰা মতে,মইনবড়ীৰ পৰা AS15C9987নম্বৰৰ তীব্ৰবেগী যাত্ৰীবাহী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই কলগাছিয়া অভিমুখে আহি থকা অৱস্থাত চাইকেল আৰোহীক খুন্দিয়াই পথৰ দাঁতিৰ দ' খাৱৈত বাগৰি পৰে । ফলত চাইকেল আৰোহীজনৰ লগতে বাহনত থকা ১০ গৰাকীকৈ যাত্ৰীও আহত হয়। লগে লগে ৰাইজে আহত কেইগৰাকীক উদ্ধাৰ কৰি কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত (injured persons admitted Barpeta Civil Hospital)ভৰ্তি কৰে । উক্ত দুৰ্ঘটনাত আহত চাইকেল আৰোহীজন আদিতপুৰ গাঁৱৰ তাইজুদ্দিনৰ পুত্ৰ জাহিদুল ইছলাম বুলি জানিব পৰা গৈছে । পাছত ঘটনাস্থলীত বালিকুৰি আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্থ বাহনখন উদ্ধাৰ কৰি থানালৈ নিয়াৰ ব্য়ৱস্থা কৰে ।
Last Updated : Feb 3, 2023, 8:27 PM IST
TAGGED:
road accident in kalgasia