অসম

assam

ETV Bharat / videos

Accident in Hailakandi: হাইলাকান্দিত পথ খুন্দাত নিহত অৱসৰপ্ৰাপ্ত শিক্ষক

By

Published : Dec 21, 2022, 10:17 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

হাইলাকান্দি জিলাৰ আলগাপুৰত বুধবাৰে সন্ধিয়া এখন তীব্ৰ বেগী এল্ট’ গাড়ীৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী বৃদ্ধ(1 dead in a road mishap in Hailakandi) । নিহত বৃদ্ধজন তফজ্জুল আলী লস্কৰ নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক বুলি জানিব পৰা হৈছে । তফজ্জুল আলী লস্কৰে ঘাইপথটোৰে গৈ থকা সময়তে তীব্ৰবেগী এল্ট’ গাড়ীখনে পাছফালৰ পৰা খুন্দিয়াই পলায়ন কৰে(Road mishap in Hailakandi) । এই দুৰ্ঘটনাত ঘটনাস্থলীতে মৃত্যু হয় তফজ্জুল আলী লস্কৰৰ । আনহাতে দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে(Local protest after a road Accident in Hailakandi) । যাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোত সৃষ্টি হয় তীব্ৰ যানজঁটৰ । প্ৰায় দুঘন্টাজুৰি চলা এই অৱৰোধৰ পিছতে জিলা প্ৰশাসন আৰু আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

...view details