অসম

assam

ETV Bharat / videos

Road Accident: নলবাৰীত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজনে - Road accident at Bartala in Nalbari

By

Published : Jul 19, 2022, 9:42 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

নলবাৰীৰ হাজো-দৌলাশাল পথৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident at Bartala in Nalbari) । ট্ৰাক আৰু চাইকেলৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষত AS26C9024 নম্বৰৰ ট্ৰাকখনে মহটিয়াই লৈ যায় দুগৰাকীকৈ চাইকেল আৰোহীক । দুই চাইকেল আৰোহী ক্ৰমে পংকজ স্বৰ্গীয়াৰী আৰু সন্তোষ বড়োৰ ঘৰ বৰ্ণিবাৰীত বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাত থিতাতে নিহত হয় পংকজ স্বৰ্গীয়াৰী(One died on the spot in accident) । গুৰুতৰভাবে আহত পংকজক স্থানীয় লোকে ১০৮ সেৱাৰে মুকালমুৱা চিকিৎসালয়লৈ প্ৰেৰণ কৰে । স্থানীয় লোকে ট্ৰাকখনৰ পিছে পিছে খেদি অহাত মুকালমুৱাত ট্ৰাকখন ৰাখি ড্ৰাইভাৰ হেণ্ডিমেন পলায়ন কৰে বুলি জানিব পৰা গৈছে । পিছত মুকালমুৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকখন জব্দ কৰি থানালৈ লৈ আহে । ইফালে আহত পংকজ স্বৰ্গীয়াৰীক উন্নত চিকিৎসাৰ বাবে মুকলমুৱা অসামৰিক চিকিৎসলয়ৰ পৰা নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসমৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details