Road accident in Lakhimpur: লখিমপুৰত টেংকাৰৰ খুন্দাত নিহত মহিলা - Accident in Pahumora
লখিমপুৰ, ১৬ মে':লখিমপুৰত মঙলবাৰে বিয়লি এখন টেংকাৰৰ খুন্দাত এগৰাকী অৰুণাচলৰ মহিলাৰ মৃত্যু (Road accident in Lakhimpur)। নগৰৰ সমীপৰ পহুমৰাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো (Accident in Pahumora)। এখন ১২ চকীয়া টেংকাৰৰ খুন্দাত নিহত হয় স্কুটি আৰোহী অৰুণাচলী মহিলাগৰাকী । দুৰ্ঘটনা সংঘটিত কৰা টেংকাৰখনৰ নম্বৰ AS 07 AC 0545। নিহত মহিলা গৰাকীৰ ঘৰ অৰুণাচলৰ পল বস্তিত বুলি জানিব পৰা গৈছে । এখন স্কুটিৰে গৈ থাকোতেই দুৰ্ঘচনাটো সংঘটিত হয় । তেওঁ লখিমপুৰ নগৰৰ দিশৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা টেংকাৰখনে সন্মুখৰ পৰা খুন্দিয়ায় । দুৰ্ঘটনাটো সংঘটিত কৰি টেংকাৰসহ চালকে পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি টেংকাৰখন জব্দ কৰি চালকসহ লখিমপুৰ সদৰ থানাত ৰখা হৈছে । আনহাতে, নাওবৈচাৰ আৰক্ষীয়ে দুৰ্ঘটনাটোত নিহত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ।