অসম

assam

নাৰেংগীত পথ দুৰ্ঘটনা

ETV Bharat / videos

Road accident in Guwahati: নাৰেংগী ভি আই পি পথত নলাত সোমাল বাহন - Road accident at Guwahati

By

Published : Mar 12, 2023, 10:25 PM IST

গুৱাহাটী,১২ মাৰ্চ: গুৱাহাটী মহানগৰীৰ নাৰেংগীত পুনৰ সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accident at Guwahati)। ব্য়স্ত পথেৰে আহি থকা দুজন লোকক বচাবলৈ গৈ হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই এখন  টাটা মেজিক বাহন বাগৰি পৰে নাৰেংগী ভি আই পি পথৰ দাঁতিৰ এটা নলাত । অবশ্যে স্থানীয় লোকৰ তৎপৰতাত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা টাটা মেজিক বাহনখনৰ চালকজন ।

স্থানীয় লোকৰ ভাষ্য় অনুসৰি পাথৰকুঁৱেৰীৰ দিশৰ পৰা নাৰেংগী অভিমুখে দিনৰ ভাগত আহি থকা AS 01 PC 1970 নম্বৰৰ মেজিক বাহনখনে  দুজন পথচাৰীক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই নাৰেংগী কলেজৰ ওচৰত পথৰ দাঁতিৰ নলাত বাগৰি পৰে (Road accident at Narengi)। ফলত বাহনখনৰ যথেষ্ট ক্ষতি সাধন হয় ।

ইফালে, স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত নুনমাটি যান-বাহন আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰাৰ লগতে আঘাতপ্ৰাপ্ত চালকজনৰ চিকিৎসাৰ ব্য়ৱস্থা কৰে । পিচত আঘাতপ্ৰাপ্ত চালকজনক চিকিৎসাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰে নুনমাটি যান-বাহন আৰক্ষীয়ে । অৱশ্য়ে আহত চালকজন শংকামুক্ত বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Basistha Forest Officer: বশিষ্ঠত ডাম্পাৰৰ চালক আৰু বন বিষয়াৰ গোপন মিতিৰালি

ABOUT THE AUTHOR

...view details