ডিব্ৰুগড়ৰ লালুকা গাঁৱত পথ দুৰ্ঘটনাত নিহত যুৱক - Road Safety Awareness Programme
Published : Dec 5, 2023, 2:08 PM IST
মৰাণ, ৫ ডিচেম্বৰ: ৰাজ্যৰ পৰিবহন বিভাগে পথ দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বাবে পথ সুৰক্ষা সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰিছে যদিও পথ দুৰ্ঘটনা কোনো গুণে কমা নাই । বিশেষকৈ ডিব্ৰুগড় জিলাখনত প্ৰতিদিনে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে এজনৰ পাছত আন এজনে । ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ লালুকা গাঁৱত সোমবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।
এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক । বিলাসী বাহনে প্ৰচণ্ড জোৰেৰে এজোপা গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনা । নিহত যুৱকজন লালুকা গাঁৱৰ চাদ্দাম হুছেইন বুলি জানিব পৰা গৈছে । এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচতে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ।
লগতে পঢ়ক:খাদ্যশস্যৰ গুদামত কুঁহিয়াৰৰ বস্তাৰ তলত আবদ্ধ হৈ মৃত্যু 7 শ্ৰমিকৰ, স্বত্বাধিকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু