অসম

assam

ফটিকজানত পথ দুৰ্ঘটনা

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 8:52 PM IST

ETV Bharat / videos

ফটিকজানত পথ দুৰ্ঘটনাত নিহত মটৰ চাইকেল আৰোহী

তিনিচুকীয়া, ৬ জানুৱাৰী: তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ ফটিকজান বাইপাছ পথত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুখনকৈ বাহনৰ মুখামুখি সংঘৰ্ষৰ লগতে এখন মটৰ চাইকেল দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনাটোত মটৰ চাইকেল আৰোহীজন থিতাতে নিহত হয় । নিহত মটৰ চাইকেল আৰোহীজন ফটিকজান ২৫ নম্বৰ লাইনৰ তৰুণ বৰাইক বুলি স্থানীয় ৰাইজে উল্লেখ কৰিছে ৷  

AS06 V7553আৰু AS06 AG1659 নম্বৰৰ বাহন দুখনৰ মাজত মুখামুখি সংঘৰ্ষ হয় । ইয়াৰে এখন বাহন তেজুৰ ITBP কেম্পৰ আৰু আনখন যাত্ৰীবাহী বাহন । তদুপৰি দুয়োখন বাহনত থকা কেইবাগৰাকীও যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৷ পৰৱৰ্তী সময়ত ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত লোকসকলক স্থানীয় ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে । লগতে মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:উজনি অসমৰ উন্নয়নৰ দাবী উত্থাপন উজনি অসম সুৰক্ষা পৰিষদৰ

ABOUT THE AUTHOR

...view details