অসম

assam

By

Published : Jul 19, 2022, 11:15 AM IST

Updated : Feb 3, 2023, 8:25 PM IST

ETV Bharat / videos

Road accident at Bihpuria: তীব্ৰবেগী বাহনে মহতিয়ালে মৰ্নিং ৱাক কৰিবলৈ অহা পথচাৰীক

বিহপুৰীয়াত মঙলবাৰে পুৱা ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয় (Road accident at Bihpuria) ৷ মৰ্নিং ৱাক কৰিবলৈ অহা এজন পথচাৰীয়ে পথ পাৰ হ'বলৈ লওঁতেই এখন তীব্ৰবেগী স্কৰ’পিঅ বাহনে পিছফালৰ পৰা খুন্দিয়াই প্ৰায় 20 মিটাৰ দূৰলৈ চোঁচৰাই লৈ যায় ৷ ফলত থিতাতে মৃত্যু হয় মুন্তা আলী নামৰ লোকজন (One dead at Bihpuria) ৷ ইয়াৰোপৰি AS15G 2777 নম্বৰৰ স্কৰ’পিঅ বাহনখনে লোকজনক চোঁচৰাই আনি পথৰ কাষতে থকা চবিৰ মনচুৰি নামৰ লোকজনৰ বাসগৃহত ভাঙি সোমাই যায় ৷ লগে লগে বিহপুৰীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাহনখনৰ চালকজনক গাড়ীখনৰ পৰা উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰে ৷
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details