Pollution in Teok: জাঁজীমুখৰ সংগমস্থলীত অস্বাভাৱিক হাৰত মাছৰ মৃত্যু - Water in Janji River Contaminated
টীয়ক,৩ মে': টীয়কৰ জাঁজীমুখৰ জাঁজী, মৰিজাঁজী আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগমস্থলীত বিগত কিছুদিন ধৰি অস্বাভাৱিকভাৱে মাছৰ মৃত্যু হোৱা পৰিলক্ষিত হৈছে (River water polluted at Janjimukh in Teok) । যাৰ ফলত সমগ্ৰ অঞ্চলতে দুৰ্গন্ধ বিয়পি পৰিছে । চাহ বাগান অথবা কাৰখানাৰ বিষাক্ত ৰাসায়নিক দ্ৰব্য নদীখনত পেলোৱাৰ ফলত পানী প্ৰদূষিত হোৱাৰ সন্দেহ কৰিছে একাংশ স্থানীয় ৰাইজে (River water polluted in Teok) ।
যোৱা ৩ দিনৰ পৰা জাঁজী নদীৰ নিৰ্মল পানীৰ বৰণ সলনি হৈ পৰিছে (Water in Janji River Contaminated) । ইপিনে এই বিষাক্ত পানীয়ে নৈপৰীয়া জনসাধাৰণৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ লগতে প্ৰজননৰ সময়ত থলুৱা মাছৰ প্ৰজাতি ধ্বংস হ'ব বুলিও শংকা কৰিছে ৰাইজে । নৈপৰীয়া ৰাইজে এই নদীৰ পানীয়েই সেৱন কৰাৰ লগতে ঘৰুৱা সকলো কাম-কাজত ব্যৱহাৰ কৰে যদিও এতিয়া এনে লেতেৰা তথা বিষাক্ত পানী ব্যৱহাৰৰ অনুপযোগী হৈ পৰাত যথেষ্ট অসুবিধাত পৰিছে এইসকল নৈপৰীয়া ৰাইজ । সেয়ে এই ক্ষেত্ৰত প্ৰশাসনক শীঘ্ৰে এক উচিত ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক:Srinkhal Chaliha issue : পুনৰ গ্ৰেপ্তাৰ হ’ল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা