অসম

assam

ETV Bharat / videos

River erosion in Jonai: শুকান নদীৰ গৰাখহনীয়াই গ্ৰহণ কৰিছে ভয়ংকৰ ৰূপ - undefined

By

Published : Oct 12, 2022, 1:55 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

শুকান নদীৰ গৰাখহনীয়াই লৈছে সংহাৰী ৰূপ (River erosion in Jonai)। চপৰা চপৰে খহিছে নদীৰ গৰা ৷ জোনাইৰ অসম অৰুণাচল সীমান্তৰ বালিজান গাঁৱৰ মাজেৰে বৈ যোৱা শুকান নৈৰ গৰাখহনীয়াই নিন্দ্ৰা হৰণ কৰিছে অঞ্চলবাসীৰ । বিগত পাঁচ বছৰৰ ধৰি শুকান নদীৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে । এই সন্দৰ্ভত চৰকাৰ তথা স্থানীয় জন-প্ৰতিনিধিক কেবাবাৰো আবেদন নিবেদন কৰিছে যদিও কোনোধৰণৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা নাই স্থানীয় বিধায়ক তথা চৰকাৰী বিভাগটোৱে । যাৰ ফলত বৃহত্তৰ বালিজান অঞ্চলটো খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে । শীঘ্ৰে এই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰ তথা স্থানীয় জন-প্ৰতিনিধিক আহ্বান জনাইছে স্থানীয় ভূক্তভোগী ৰাইজে। অন্যথা আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিছে স্থানীয় ৰাইজে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details