অসম

assam

দশন স্থানত উজলিল মৰাণৰ ৰিতুৰাজ বৰকটকী

ETV Bharat / videos

HSLC exam results 2023 : দশম স্থানত উজলিল মৰাণৰ ৰিতুৰাজ বৰকটকী - Rituraj Barkotaky got 10th position in HSLC

By

Published : May 22, 2023, 5:35 PM IST

Updated : May 22, 2023, 7:31 PM IST

মৰাণ,২২ মে' :আজি ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফল (HSLC exam results 2023)। ৰাজ্যৰ ৬১ গৰাকী শিক্ষাৰ্থীয়ে শীৰ্ষ ১০ত স্থান লাভ কৰি নিজৰ নিজৰ বিদ্যালয়ৰ নাম উজলাইছে (HSLC toppers)। ব্যক্তিগত বিদ্যালয়ৰ উপৰিও বহু চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়েও ভাল ফলাফল দেখুৱাইছে । ইয়াৰ মাজতে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰই অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে ।

চৰকাৰী বিদ্যালয়খনৰ ছাত্ৰ ৰিতুৰাজ বৰকটকীয়ে মুঠ ৫৮৫ নম্বৰেৰে দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে (Rituraj Barkotaky got 10th position in HSLC)। ছাত্ৰগৰাকীৰ এই সফলতাত আনন্দিত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকল । ফলাফলৰ পাছতে বিদ্যালয়ত উপস্থিত হোৱা মেধাৱী ছাত্ৰজনক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতে সু-নাগৰিক হোৱাৰ কামনা কৰে শিক্ষক-শিক্ষয়িত্ৰীসকলে ।

লগতে পঢ়ক :HSLC result 2023: লখিমপুৰৰ পাঁচ মেধাবীয়ে দখল কৰিলে শীর্ষস্থান

Last Updated : May 22, 2023, 7:31 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details