অসম

assam

চাৰিদিনীয়া কাৰ্যসূচীৰে দীপৰ বিলত জলক্ৰীড়া মহোৎসৱ 2023ৰ আৰম্ভণি

ETV Bharat / videos

চাৰিদিনীয়া কাৰ্যসূচীৰে দীপৰ বিলত জলক্ৰীড়া মহোৎসৱ 2023ৰ আৰম্ভণি - দীপৰ বিলত জলক্ৰীড়া মহোৎসৱ 2023ৰ আৰম্ভণি

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 1:06 PM IST

মিৰ্জা, 17 নৱেম্বৰ : 17 নৱেম্বৰ অৰ্থাৎ শুকুৰবাৰৰ পৰা মহানগৰীৰ দীপৰ বিলত "ৰাইজিং ছান ৱাটাৰ ফেষ্ট ৰিভিজিটিং শৰাইঘাট 2023" শীৰ্ষক বিশেষ জলক্ৰীড়া মহোৎসৱ আৰম্ভ হয় ৷ জলক্ৰীড়া অনুষ্ঠানৰ অংশ হিচাপে দীপৰ বিলত আজি এই অনুষ্ঠানৰ উন্মোচন কৰা হয় । 

1671 চনত বিখ্যাত শৰাইঘাটৰ যুদ্ধত মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই মোগলক পৰাজিত কৰাৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰে দীপৰ বিলত ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ অধীনৰ ৰেড হৰ্ণচ ডিভিজন আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই জলক্ৰীড়া মহোৎসৱ ৷ এই অনুষ্ঠানৰ মুকলি কৰে মন্ত্রী বিমল বড়াৰ লগতে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই । ইয়াৰ পূৰ্বে মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙৰ সমীপৰ উমিয়াম লেক হিচাপে পৰিচিত বৰাপানীত ২ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰলৈ চাৰিদিনীয়াকৈ এই মহোৎসৱ অনুষ্ঠিত হৈছিল।

দীপৰ বিলত এই মহোৎসৱৰ লগত সংগতি ৰাখি ৰয়িং, চেইলিং, মটৰ বটিং আদিকে ধৰি বিভিন্ন জলক্ৰীড়া অনুষ্ঠিত হ’ব । তেনেদৰে প্ৰতিদিনে অনুষ্ঠিত হ’ব বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান । 

লগতে পঢ়ক:তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

ABOUT THE AUTHOR

...view details