BJP-AGP conflict: বিজেপিয়ে গ্ৰাস কৰা অগপৰ বিৰোধ কৰাৰ ক্ষমতা নাই : ৰিপুণ বৰা
Published : Nov 3, 2023, 6:45 PM IST
গুৱাহাটী, ৩ নবেম্বৰঃ লোকসভা নিৰ্বাচনত আসন ভাগ-বাটোৱাৰাক লৈ মিত্রদল বিজেপি আৰু অগপৰ মাজত দেখা দিয়া সংঘাত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনত মিত্রদল অগপক বিজেপিয়ে এখন আসন দিব বুলি সদৰী কৰাৰ পাছতে অগপত ব্যাপক অসন্তুষ্টিয়ে গা কৰি উঠিছে । এই সন্দৰ্ভত অগপৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ক্ষোভ প্ৰকাশ কৰি কমেও চাৰিখন আসনৰ দাবী কৰিছে । আসনক লৈ বিজেপি আৰু অগপত দেখা দিয়া সংঘাতক নাটক আখ্যা দিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ।
বিজেপি আৰু অগপৰ মাজত বুজাবুজি আছে বুলি সদৰি কৰি তেওঁ কয় যে দেখুৱাবৰ বাবে এনেদৰে নাটক কৰিছে । অগপ এতিয়া বিজেপিৰ গ্ৰাসত সম্পূৰ্ণৰূপে সোমাই পৰিছে বুলি অভিযোগ কৰি তেওঁ কয় যে এতিয়া অগপৰ বিৰোধ কৰিব পৰা ক্ষমতা নাই । অগপৰ নিজস্ব বুলি একো নাই । অগপই সকলো ত্যাগ কৰিছে । এখন আসন পালেই অগপৰ বাবে বহুত বুলি কটাক্ষ কৰি তেওঁ কয় যে কৰ্মীসকলক 'ফুচফুচনি' দেখুৱাবলৈ এনেদৰে বিৰোধিতা কৰি চাৰিখন আসনৰ কথা কৈছে । শেষত এখন আসনতে অগপ থাকিব বুলি তেওঁ কয় ।
TAGGED:
BJP AGP conflict