অসম

assam

ETV Bharat / videos

Rhino stuck in mud : বোকাত আৱদ্ধ গঁড়ক উদ্ধাৰৰ চেষ্টা বন বিভাগৰ - Rhino stuck in mud

🎬 Watch Now: Feature Video

বোকাত আৱদ্ধ গঁড়ক উদ্ধাৰৰ চেষ্টা বন বিভাগৰ

By

Published : May 31, 2023, 9:40 PM IST

মৰিয়নী, 31 মে’: যোৰহাট জিলাৰ মৰিয়নীৰ দহোটীয়া গাঁৱৰ ৰে’লৱেৰ দাঁতিত এটা নলাত আৱদ্ধ হৈ আছে এজনী মাইকী গঁড় (Rhino stuck in mud)৷ ইয়াৰ পিচতে বুধবাৰে আৱদ্ধ হৈ থকা গঁড়জনী উদ্ধাৰ কৰিবলৈ যোৰহাট সংমাণ্ডলিক বন প্ৰাধিকাৰী নন্দ কুমাৰ ঘটনাস্থলীত উপস্থিত হয় ৷ আৱদ্ধ হৈ থকা প্ৰাপ্ত বয়স্ক মাইকী গঁড়জনী বৰ্তমান সুস্থ হৈ আছে বুলি সদৰী কৰিছে বন বিষয়াগৰাকীয়ে ৷ বৰ্তমান গঁড়জনী টেংকুলাইজ কৰাৰ লগতে অন্যান্য সা-সুবিধা দিবৰ বাবে বৰ্তমান এক বিশেষজ্ঞ দল যোৰহাটত উপস্থিত হৈছেহি (Rhino stuck in mud)।  

উল্লেখ্য যে, মৰিয়নীৰ গিবণ অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত উলাই আহি পুৱাই দহোটীয়া গাঁৱৰ পথাৰত মুক্ত বিচৰণ কৰি থকাৰ সময়তেই ৰে’লৱে ট্ৰেকৰ সমীপৰ হোলা সদৃশ এটা নলাত আৱদ্ধ হৈ পৰে গঁড়জনী । মৰিয়নী হোলোঙাপাৰ গিবন অভয়াৰণ্যত কিছুদিন ধৰি গঁড়জনীয়ে অৱস্থান কৰি আহিছে ৷ তাৎপৰ্যপূৰ্ণ যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কেইবাটাও গড় ওলাই আহি যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত অৱস্থান কৰি আছে। সময় সাপেক্ষে গঁড়কেইটাই স্থান সলনি কৰি আছে । ফলত গঁড়কেইটাৰ নিৰাপত্তাক লৈ চিন্তিত হৈ পৰিছে প্ৰকৃতি প্ৰেমীসকল।

লগতে পঢ়ক:Wild Elephant stuck: সজুঁলিৰ অভাৱত বন বিভাগে উদ্ধাৰ কৰিব পৰা নাই পিতনিত আৱদ্ধ হাতী

ABOUT THE AUTHOR

...view details