Rhino free roaming : মাজুলীত গঁড়ৰ সন্ত্ৰাস - Free roaming of Rhino at Majuli
মাজুলী,১৮ ফেব্ৰুৱাৰী : নদীদ্বীপ মাজুলীত গঁড়ৰ সন্ত্ৰাস অব্যাহত আছে (Rhino terror in Majuli)। বিগত কেইবাদিনো ধৰি মাজুলীৰ জনাঞ্চলত গঁড়ে মুক্ত বিচৰণ কৰি আছে । যাৰ বাবে আতংকিত হৈ পৰিছে মাজুলীবাসী । বন বিভাগে এতিয়ালৈ গঁড়টোক খেদি পঠিওৱাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । ফলত বন বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ৰাইজ ।
উল্লেখ্য যে বিগত কিছুদিনৰ পৰা এটা গঁড়ে মাজুলীৰ বিভিন্ন প্ৰান্তত মুক্ত বিচৰণ কৰি আছে (Free roaming of Rhino at Majuli)। শনিবাৰে পুৱাই মাজুলীৰ কেইবা ঠাইতো গঁড়টো প্ৰত্যক্ষ কৰে মাজুলীবাসীয়ে । ইয়াৰ মাজতে আকৌ গোঁসাইবাৰী মিছিং গাঁৱত মানুহলৈ চোঁচাও ল'লে গঁড়টোৱে । গঁড়ৰ এনে মুক্ত বিচৰণত আতংকিত হৈ পৰিছে অঞ্চলটোৰ সাধাৰণ ৰাইজ । বৰ্তমান জনাঞ্চলত অৱস্থান কৰি আছে গঁড়টোৱে ।
খাদ্যৰ সন্ধানত গঁড়টোৱে নিতৌ নতুন নতুন অঞ্চলত প্ৰৱেশ কৰিছে । যোৱা পাঁচদিন ধৰি গঁড়টোৱে পূব মাজুলীৰ যোগীগাঁও, মেৰাগড়, কালনিবাৰীত সন্ত্ৰাস চলাই আছে বুলি ৰাইজে অভিযোগ কৰিছে । ইফালে বন বিভাগৰ লোকে গঁড়টোক খেদি পঠিৱাবলৈ যি ধৰণে তৎপৰতা দেখুৱাব লাগিছিল সেয়া এতিয়াও মাজুলীৰ ৰাইজে দেখা নাই (Negligence of forest department)। জানিব পৰা মতে যোৱা কেইবাটাও মাহত মাজুলীৰ চৰ-চাপৰি অঞ্চলত তিনিটাকৈ গঁড়ে সন্ত্ৰাস চলাই আছে ।
ৰাইজে সন্দেহ কৰা মতে বানপানীৰ সময়ত কাজিৰঙাৰ পৰা ওলাই আহি গঁড়কেইটাই আশ্ৰয় বিচাৰি মাজুলীত প্ৰৱেশ কৰিছিল । তেতিয়াৰে পৰা গঁড়কেইটাই মাজুলীত মুক্ত বিচৰণ কৰি আছে । কিন্তু ইমান দিনে বন বিভাগে গঁড়কেইটাক সুৰক্ষা প্ৰদান কৰাৰ লগতে পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠিওৱাৰ ক্ষেত্ৰত হেমাহি কৰা বুলিও ৰাইজে অভিযোগ কৰিছে ।
উল্লেখ্য যে মাজুলীৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত আৰু সমীপৰ জিলাসমূহত প্ৰায়ে গঁড়ৰ মুক্ত বিচৰণ দেখা যায় । খাদ্যৰ সন্ধানত ওলাই যোৱা গঁড়বোৰে বহু সময়ত পথ হেৰুৱাই জনাঞ্চলত আৱদ্ধ হৈ পৰে । এনে পৰিস্থিতিত বহু সময়ত মানুহৰ সৈতে গঁড়ৰ সংঘাত হোৱাও দেখা যায় ।
লগতে পঢ়ক :Child marriage in Assam: দুবছৰৰ ভিতৰত ৰাজ্যত বাল্য বিবাহ বন্ধ কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ