অসম

assam

এশিঙীয়াৰ মুক্ত বিচৰণ

By

Published : Apr 30, 2023, 9:04 PM IST

ETV Bharat / videos

Rhino at Kaliabor : কাঞ্চনজুৰিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এশিঙীয়াৰ মুক্ত বিচৰণ

কলিয়াবৰ, 30 এপ্ৰিল : গঁড় ওলাইছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ অন্তৰ্গত কাঞ্চনজুৰিত এটা প্ৰকাণ্ড গঁড় ওলাইছে ৷ এই গঁড়টোক চাবলৈ হেতা ওপৰা লাগে পথচাৰীৰ ৷ আচলতে দেওবাৰে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাঞ্চনজুৰিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে এটা এশিঙীয়া গঁড়ে মুক্তমনে বিচৰণ কৰি থকা দেখিবলৈ পোৱা যায় (Free roaming Rhino at KNP Kaliabor) ৷

পথৰ কাষত নতুনকৈ গজালি মেলা ঘাঁহ-বন খাই মুক্তমনে বিচৰণ কৰে এই গঁড়টোৱে ৷ তাৰ পাচতে এই গঁড়টোক চাবলৈ পথৰ কাষত ভিৰ কৰেহি বহু পথাচাৰীয়ে ৷ কিয়নো ৰাষ্ট্ৰীয় ঘাই পথৰ নিচেই কাষতে এনে দৃশ্য খুবেই কমেইহে দেখা পোৱা যায় (Rhino at Kaliabor) ৷

লগতে পঢ়ক :Rhino terror in Majuli : গঁড়ৰ মুক্ত বিচৰণত মাজুলীত পুনৰ আতংক

ABOUT THE AUTHOR

...view details