অসম

assam

অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক বিষয়া ললিত গগৈৰ দেহাৱসান

ETV Bharat / videos

অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক বিষয়া ললিত গগৈৰ দেহাৱসান - ভাৰতীয় অসামৰিক সেৱা

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 11:15 AM IST

যোৰহাট, 28 নৱেম্বৰ : অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক বিষয়া ললিত গগৈ আৰু নাই ৷ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত সোমবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে ললিত গগৈয়ে । বৃহস্পতিবাৰে দিনৰ ভাগত উচ্চ ৰক্তচাপৰ বাবে ততালিকে নেমকেয়াৰত ভৰ্তি কৰা হৈছিল গগৈক ৷ যোৰহাটৰ তিতাবৰত ঘৰ প্ৰয়াত গগৈৰ ৷ বিষয়াগৰাকী ভাৰতীয় অসামৰিক সেৱাৰ 2005 চনৰ অসম আৰু মেঘালয়ৰ কেডেট আছিল। 

ললিত গগৈয়ে শোণিতপুৰ আৰু নলবাৰী জিলাত উপায়ুক্তৰূপে কাৰ্যনিবাহ কৰা লগতে পৰিবহন আৰু ৰাজহ বিভাগৰ আয়ুক্ত পদত অধিষ্ঠিত হৈছিল ৷ অসম চৰকাৰৰ আয়ুক্ত সচিবৰূপে অৱসৰ গ্ৰহণ কৰা গগৈৰ মৃত্যুৰ সময়ত বয়স হৈছিল 63 বছৰ । অৱসৰৰ পিচত গগৈয়ে কুকুৰাৰ পালনত গুৰুত্ব প্ৰদান কৰি কেইবাখনো কুকুৰাৰ ফাৰ্ম গঢ়ি তুলিছিল ৷ তেওঁ এই ফাৰ্মসমূহত স্থানীয় শিক্ষিত যুৱক যুৱতীসকলক নিয়োগ কৰিছিল । 

প্ৰয়াত ললিত গগৈৰ ফাৰ্মত উৎপাদন হোৱা উন্নত মানদণ্ডৰ কণী অসমৰ লগতে কাষৰীয়া ৰাজ্য নাগালেণ্ড আৰু অৰুণাচললৈ যোগান ধৰাৰ হৈছিল। কৰ্ম সংস্কৃতিৰ যোগেদি নিবনুৱাসকলৰ বাবে নিৰ্দশন দাঙি ধৰাৰ দক্ষ বিষয়াগৰাকীৰ মৃত্যুয়ে সমগ্ৰ তিতাবৰ মহকুমাত শোকৰ ছাঁ পেলাইছে । সোমবাৰে গগৈৰ নশ্বৰ দেহ তিতাবৰ বাসগৃহলৈ লৈ অহা হয় ৷ গগৈৰ মৃত্যুত বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে ৷ গগৈয়ে ইহসংসাৰত পত্নী আৰু জী আৰু জোৱাঁয়েকক এৰি থৈ গৈছে ৷

লগতে পঢ়ক:চৰকাৰক NPS বাতিলৰ দাবী বিৰোধীৰ

ABOUT THE AUTHOR

...view details