যুৱকক প্ৰহাৰ কৰা আৰক্ষীক ৰিজাৰ্ভ ক্লজ - SP of Dima Hasao Mayank Kumar
অসম আৰক্ষীৰ বিৰুদ্ধে সঘনাই অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে এইবাৰ অভিযোগৰ আঙুলি উঠিছে ডিমা হাছাও জিলাৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীৰ বিৰুদ্ধে(Allegations of police brutality in Dima Hasao)৷ উত্থাপিত অভিযোগ মতে,হাফলং চহৰৰ যান-বাহন নিয়ন্ত্ৰণ শাখাৰ এগৰাকী আৰক্ষীয়ে হেলমেট নিপিন্ধা এজন মটৰ চাইকেল আৰোহীক জৰিমণা বিহাৰ পৰিৱৰ্তে ৰাজহুৱাকৈ প্ৰহাৰ কৰিছিল ৷ সেয়েহে যান-বাহন আইন উলংঘাকাৰী যুৱকক প্ৰহাৰ কৰা এ সিং নামৰ ট্ৰেফিক আৰক্ষী জোৱানগৰাকীক ৰিজাৰ্ভ ক্লজ(Reserve Close to police jawan)কৰা হৈছে । উল্লেখ্য় যে যোৱা বুধবাৰে হাফলং চহৰৰ শিক্ষা ভৱনৰ ওচৰতে নাকা তালাচীৰ সময়তে যান-বাহন আইন নমানৰ বাবে এ সিং নামৰ ট্ৰেফিক আৰক্ষীগৰাকীয়ে এজন যুৱকক বেয়াকৈ প্ৰহাৰ কৰিছিল । পিছত এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল । উক্ত ঘটনাটোক লৈ ৰাইজৰ ব্য়াপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । সেইবাবে আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত কৰে । পিছত এই জোৱানগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক ময়ঙ্ক কুমাৰে । এ সিঙক ৰিজাৰ্ভ ক্লজ কৰি আৰক্ষী অধীক্ষক ময়ঙ্ক কুমাৰে(SP of Dima Hasao Mayank Kumar)কয় যে আৰক্ষী হ'লেও এনে কাৰ্যক সমৰ্থন কৰিব নোৱাৰি ।
Last Updated : Feb 3, 2023, 8:27 PM IST