Republic Day 2023: টীয়কত কেন্দ্ৰীয়ভাৱে ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন - টীয়কত কেন্দ্ৰীয়ভাৱে ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন
টীয়ক, 26 জানুৱাৰী:গণৰাজ্য দিৱস (Republic Day) ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ । এই দিনটোতে Government of India Act (১৯৩৫) ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল । ভাৰতৰ সংবিধানখন Constituent Assembly of India ই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল । ১৯৫০ চনৰ ২৬ নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলত ভাৰত এখন স্বাধীন গণতান্ত্ৰিক দেশ ৰূপে পৰিগণিত হৈছিল ৷
১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱাৰ বাবে গণৰাজ্য দিৱসৰ বাবে আজিৰ দিনটো বাছনি কৰা হৈছিল । তাৰ পিছৰ পৰাই সমগ্ৰ দেশজুৰী ২৬ জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰি আহিছে দেশবাসীয়ে ৷ আজি ৭৪ সংখ্যক গণৰাজ্য দিৱস । প্ৰত্যেক বছৰৰ দৰে এইবাৰো দেশ তথা ৰাজ্যজুৰী উদযাপন কৰা হৈছে গণৰাজ্য দিৱস ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ ব্যতিক্ৰম নহয় টীয়ক ৷ টীয়কতো গণৰাজ্য দিৱসত দেখা গ’ল এক উখল-মাখল পৰিৱেশ ৷
টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত টীয়ক পৌৰসভা, টীয়কবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হয় ৭৪ সংখ্যক গণৰাজ্য দিৱস (Republic Day celebrates in Teok) ৷ গণৰাজ্য দিৱসটি কেন্দ্ৰীয়ভাৱে টীয়ক হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় । পুৱা দেশপ্ৰেমমূলক গীত প্ৰচাৰ, সামূহিক চাফাই, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা চৰকাৰী কাৰ্যালয়, বিদ্যালয়ত পতাকা উত্তোলন কৰে ৷ তাৰ পাছতে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা গণৰাজ্য দিৱসটিৰ মূল পতাকা উত্তোলন কৰে টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শৌভিক ভূঞাই (Flag hoisting in Teok) ।
এই সমগ্ৰ কাৰ্যসূচীত টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু টীয়ক পৌৰসভাৰ বিষয়ববীয়াসকলৰ লগতে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে সহযোগিতা আগবঢ়ায় । ইপিনে পতাকা উত্তোলনৰ প্ৰাকক্ষণত স্বাধীনতা সংগ্ৰামৰ মহান ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্য এক স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
টীয়ক জ্যেষ্ঠ নাগৰিক সন্থাৰ সাংগঠনিক সম্পাদক পুষ্পনাথ কলিতাই এগছি বন্তি জ্বলাই শুভাৰম্ভণি কৰে স্মৃতি তৰ্পণ কাৰ্যসূচী ৷ ইপিনে পতাকা উত্তোলনৰ পাছতে সেই স্থানতে এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু টীয়কৰ সামাজিক-শৈক্ষিক ক্ষেত্ৰখনত বিশেষ অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি টীয়কৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰা হয় ।