অসম

assam

ETV Bharat / videos

Republic Day in Guwahati: পৰিবহণ বিষয়া কাৰ্যালয়ত গণৰাজ্য দিৱস উদযাপন - Khanapara Veterinary College field

By

Published : Jan 26, 2023, 3:01 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

আজি দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে (74 Republic Day in Assam)। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ইয়াৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে গণৰাজ্য দিৱস । গুৱাহাটী মহানগৰীৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত পালন কৰা হয় গণৰাজ্য দিৱস । এই উপলক্ষে পতাকা উত্তোলন কৰে পৰিবহণ বিভাগৰ সহকাৰী আয়ুক্ত গৌতম দাসে । গণৰাজ্য দিৱসৰ পতাকা উত্তোলন অনুষ্ঠানত উপস্থিত থাকে জিলা পৰিবহণ বিষয়া হিমাংশু দাসৰ লগতে বিভাগটোৰ বিষয়া কৰ্মচাৰীসকল । পতাকা উত্তোলন কৰি পৰিবহণ বিভাগৰ সহকাৰী আয়ুক্তগৰাকীয়ে আগন্তুক সময়ত পথ সুৰক্ষা, মহানগৰখনক দুৰ্ঘটনামুক্ত কৰাৰ বাবে যাৱতীয় ব্যবস্থা গ্ৰহণ কৰা হ'ব বুলি কয় ।

ইপিনে,গুৱাহাটী মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত (Khanapara Veterinary College field) ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজিত এই অনুষ্ঠানত পুৱা ৯ বজাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে (Himanta Biswa Sarma Unfurl flag)। এইবাৰ ৰাজ্য়পালৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ।

উল্লেখ্য় যে ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটোতেই ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়াইছিল । সেয়েহে গণৰাজ্য দিৱসৰ বাবে আজিৰ দিনটো বাছনি কৰা হৈছিল । তেতিয়াৰে পৰাই দেশবাসীয়ে ২৬ জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰি আহিছে ৷ ভাৰতৰ সংবিধান সভাই (Constituent Assembly of India) ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধানখন অনুমোদন জনাইছিল ।  

১৯৪৭ চনৰ ৪ নৱেম্বৰত এখন খচৰা সংবিধান প্ৰস্তুত কৰি সংসদত দাখিল কৰা হয় । সংবিধান গৃহীত কৰাৰ পূৰ্বে ২ বছৰ ১১ মাহ ১৮ দিনৰ ভিতৰত সংসদৰ সদস্যসকলে ১৬৬ বাৰ মিলিত হৈছিল । খচৰা সংবিধানৰ কিছু সাল-সলনি কৰা পিছত ১৯৫০ চনৰ ২৪ জানুৱাৰীত সংসদৰ ৩০৮ গৰাকী সদস্যই নথিখনৰ দুটা হাতে লিখা প্ৰতিলিপিত (হিন্দী আৰু ইংৰাজী) স্বাক্ষৰ কৰিছিল । ইয়াৰ দুদিন পিছতেই দেশজুৰি এই সংবিধান গৃহীত হয় ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details