Meeting at Barpeta satra: বৰপেটা সত্ৰৰ উদ্যোগত বৰপেটা সত্ৰত থান-সত্ৰ আৰু ধৰ্মীয় অনুষ্ঠানৰ প্ৰতিনিধি সভা - মুখ্যমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা
Published : Oct 10, 2023, 12:17 PM IST
বৰপেটা, ১০ অক্টোবৰ :বৰপেটা জিলাৰ ভৌগোলিক সীমা অক্ষত ৰাখি বজালী জিলা গঠনৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠক বাপজনাৰ ৷ বৰপেটা আৰু বজালী জিলা গঠনক লৈ চলি থকা বিতৰ্কৰ মাজতে সোমবাৰে সন্ধিয়া বৰপেটা সত্ৰত জিলাখনৰ থান-সত্ৰ আৰু ধৰ্মীয় অনুষ্ঠানসমূহৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয় ৷
ভৱানীপুৰ-সৰভোগ সমষ্টিৰ লগতে জিলাখনৰ বহুকেইখন থান আৰু সত্ৰৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাই বজালী জিলা গঠনৰ সিদ্ধান্তক আদৰণি জনাই মুখ্যমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ লগতে বৰপেটাৰ বৰ্তমানৰ ভৌগোলিক সীমা অক্ষত ৰখাৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনায় ৷ বিশেষকৈ পৰৱৰ্তী সময়তো যাতে কেবিনেট উপ-সমিতিয়ে বৰপেটা জিলাৰ ভৌগোলিক সীমা অক্ষুণ্ণ ৰাখে তাৰ বাবেও আহ্বান জনায় ৷ প্ৰতিনিধি সভাখনৰ সিদ্ধান্তসমূহৰ কথা সদৰী কৰি বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠক বাপজনাই জিলাখনৰ সত্ৰসমূহৰ অনুৰোধ মুখ্যমন্ত্ৰীয়ে ৰক্ষা কৰিব বুলিও আশা প্ৰকাশ কৰে ৷
লগতে পঢ়ক :Rakhal Than in Barpeta: বৰপেটাৰ বিলৰতাৰীহাটীৰ ৰাখাল থানৰ নৱনিৰ্মিত তোৰণ মুকলি