Barpeta district boundary issue:ঐতিহ্য সুৰক্ষাৰ স্বাৰ্থত বৰপেটাক পুনৰ খণ্ডিত নকৰিবলৈ আহ্বান
Published : Sep 25, 2023, 7:46 PM IST
বৰপেটা, ২৫ ছেপ্টেম্বৰঃবজালী জিলা গঠনৰ নামত বৰপেটা জিলা খণ্ডিতকৰণৰ বিৰোধী বৰপেটা সত্ৰবাসী ৷ বিশেষকৈ হাউলী,বৰপেটা ৰোড,সৰভোগ আদি অঞ্চলসমূহক বৰপেটাৰ পৰা খণ্ডিত নকৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছিল বৰপেটা সত্ৰই ৷ ৰাজ্য চৰকাৰে জিলা বিবাদ মীমাংসাৰ বাবে চলোৱা প্ৰচেষ্টাৰ মাজতে বৰপেটাৰ ধৰ্মীয় ঐতিহ্য সুৰক্ষাৰ স্বাৰ্থত বৰপেটাক পুনৰ খণ্ডিত নকৰিবলৈ আহ্বান জনাই সোমবাৰে বৰপেটা সত্ৰত অনুষ্ঠিত হয় এখন জৰুৰী প্ৰতিনিধি সভা ৷
সত্ৰনগৰী বৰপেটাৰ উপৰি ভৱানীপুৰ-সৰভোগ সমষ্টিৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰ, থান-ধৰ্মীয় অনুষ্ঠান,দল-সংগঠন,সংস্থা-সংঘৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখনত মুলতঃ বৰপেটাবাসীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ভৱানীপুৰ-সৰভোগ সমষ্টিতো বৰপেটাৰ পৰা কৰ্তন নকৰিবলৈ প্ৰতিনিধি সভাই চৰকাৰলৈ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে ৷ বৰপেটাৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত বৰপেটা জিলাখন খণ্ডিত নকৰিবলৈ প্ৰতিনিধি সভাই গ্ৰহণ কৰা সিদ্ধান্তসমূহ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেবিনেট উপ-সমিতিৰ ওচৰত দাখিল কৰিব বুলি প্ৰতিনিধি সভাৰ সভাপতিগৰাকীয়ে কয় ৷
লগতে পঢ়ক:Karam Puja in Assam:মৰিয়নিৰ চেনিজান চাহ বাগিচাত কৰম পূজাৰ আনন্দত মতলীয়া ৰাইজ