Valentines Day 2023: প্ৰেমৰ দিনত কিয় উপেক্ষা কৰোঁ ঊষা-অনিৰুদ্ধ, সতী বেউলা, সতী জয়মতীক ! - Usha Aniruddha love story
তেজপুৰ, 14 ফেব্ৰুৱাৰী : প্ৰেমত ঘূৰিছে ভূ-মণ্ডল, প্ৰেমত ফুলিছে শতদল । আজি ১৪ ফেব্ৰুৱাৰী, প্ৰেমৰ এটা বিশেষ দিন (Valentines Day 2023)। সমগ্ৰ বিশ্ব জুৰি এই দিনটোৰ প্ৰসংগত কোৱা হয় ৰোমৰ চেইন্ট ভেলেন্টাইনৰ প্ৰেমৰ কথা । যদি প্ৰেমৰ দিনেই পালন কৰোঁ, তেন্তে কিয় নকওঁ আমাৰ দেশৰ বা আমাৰ ৰাজ্যৰ যুগমীয়া প্ৰেম কাহিনী কথা ? কিয় নকওঁ সতী বেউলা, জয়মতীৰ দৰে আত্মত্যাগৰ কাহিনীৰ কথা (Soti Joymoti love story) ? ইয়াতেই আছে প্ৰেম, ইয়াতেই আছে যুগ যুগ ধৰি প্ৰেমৰ অপূৰ্ব নিদৰ্শন ।
ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই (Jyoti Prasad Agarwala) তেওঁৰ কালজয়ী নাটক "শোণিত কুঁৱৰী"ত ঊষা অনিৰুদ্ধৰ প্ৰেমৰ সম্পৰ্ক এনেদৰেই নাট্যৰূপ দি থৈ গৈছে (Usha Aniruddha love story)। সেয়েহে তেওঁ লিখিছিল, "ৰূপ কোঁৱৰৰ চুমা পৰশত লাজুকী কুঁৱৰী মৰহি যায়’’ । তেজপুৰ যাৰ নামৰ সৈতে জড়িত হৈ আছে সজীৱ সতেজ প্ৰেমৰ কাহিনী ।
ঊষা অনিৰুদ্ধৰ যুগমীয়া প্ৰেমৰ স্বাক্ষৰ আজিও বিদ্যমান । যাৰ প্ৰেমত নতি স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল মহা প্ৰতাপী বাণাসুৰ, যাৰ প্ৰেমক স্বীকৃতি দিবলৈ বাধ্য হৈছিল স্বয়ং ভগবান শ্ৰীকৃষ্ণ আৰু মহাদেৱ শিৱই । বন্ধুত্বৰ অপূৰ্ব নিদৰ্শনৰে সখী চিত্ৰ লেখাই ঊষাৰ প্ৰমাস্পদক সুদূৰ দ্বাৰকাৰ পৰা হৰণ কৰি সখী ঊষাৰ সৈতে মিলন সম্ভৱপৰ কৰি তুছিল । তেজপুৰৰ অগ্নিগড় (Agnigarh Tezpur) আজিও ইয়াৰ সাক্ষী হৈ আছে । এই প্ৰেমৰ কাহিনী পৌৰাণিক গ্ৰন্থৰ পৰা আধুনিক নাটকলৈ সকলোতে বিদ্যমান ।
যদি প্ৰেমৰ কথাই কওঁ তেন্তে কিয় নকওঁ ঊষা অনিৰুদ্ধৰ প্ৰেম-বিৰহ-সংঘাত আৰু মিলনৰ কথা । নাগ পাশত আবদ্ধ অনিৰুদ্ধৰ প্ৰেম জানো কাৰাবন্দী ভেলেন্টাইনতকৈ কম আছিল । স্বামীৰ বাবে জীৱন ত্যাগ কৰা সতী জয়মতীৰ ত্যাগ জানো মিছা আছিল ৷ তেন্তে আহক প্ৰেমৰ দিৱসত আমিও আমাৰ সেই যুগদ্ৰষ্টা প্ৰেমৰ কাহিনী সমূহ স্মৰণ কৰো ।
লগতে পঢ়ক:Mitali Nath Dutta went missing: যোৱা দুপ্তাহ ধৰি সন্ধানহীন মাতৃ, চকুলো টুকিছে কণমানি কন্যাই