অসম

assam

By

Published : Dec 23, 2022, 10:55 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ETV Bharat / videos

Rekibuddin Ahmed on Rahul Gandhi: অনাগত সময়ত ৰাহুল গান্ধী প্ৰধানমন্ত্রী হ'ব: ৰেকিবুদ্দিন আহমেদ

ক'ভিডৰ সাম্ভাব্য পৰিস্থিতি আৰু কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রাক লৈ অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়া । চীন, জাপনকে ধৰি বিভিন্ন ৰাষ্ট্ৰত ক'ভিডৰ নতুন ভেৰিয়েণ্টে(Covid-19 Variant BF.7) ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । ইফালে দেশজুৰি কংগ্ৰেছৰ চলি থকা ভাৰত জোড়ো যাত্রাৰ ক্ষেত্রতো ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে বাধা আৰোপ কৰিছে । এনে বাধা আৰোপক লৈ সৰৱ হৈ পৰিছে কংগ্ৰেছ । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদে(Rekibuddin Ahmed on Bharat jodo yatra) আজি বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাত্রা আৰম্ভ কৰিছে । ভাৰত জোড়ো এই যাত্রাই কংগ্ৰেছক নতুন শক্তিশালী ৰূপ দিছে । এতিয়া এই যাত্রাই দিল্লীত প্ৰৱেশ কৰিব । কাশ্মীৰত এই যাত্রাৰ সামৰণি পৰিব(Congress Bharat Jodo Yatra) । এই কাৰ্যসূচীক লৈ যদি কাৰোবাৰ দুখ লাগে তাত কৰিবলগীয়া একো নাই । তেওঁ কয় যে ভাৰতবৰ্ষত ক'ভিডৰ সাংঘাতিক মহামাৰী এতিয়াও হোৱা নাই । কাৰো মুখত ক'ভিডক লৈ শংকাৰ কোনো ভাৱ নাই বুলি সদৰী কৰি তেওঁ কয় যে ভাৰত জোড়ো যাত্রা শেষ হোৱাই নাই হিমাচল প্ৰদেশ দখল হৈ গৈছে । ৰাহুল গান্ধীৰ চেহেৰাক লৈ কৰা সমালোচনাৰ প্ৰসংগত তেওঁ চেহেৰাক লৈ কি আছে বুলি সদৰী কৰি কয় যে ৰাহুল গান্ধীক লৈ কংগ্ৰেছ দলে গৰ্ব অনুভৱ কৰে আৰু অনাগত সময়ত ৰাহুল গান্ধী প্ৰধানমন্ত্রী হ'ব ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

...view details