অসম

assam

শিক্ষক দিৱসত কলিয়াবৰত এখন বিশেষ ছবিৰ প্ৰসংগ

ETV Bharat / videos

Teachers day 2023: শিক্ষক দিৱসত কলিয়াবৰত এখন বিশেষ ছবিৰ প্ৰসংগ - Birth anniversary of Radhakrishnan

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 8:09 PM IST

কলিয়াবৰ,৫ ছেপ্টেম্বৰ: আজি দেশে পালন কৰিছে ৬২ সংখ‍্যক শিক্ষক দিৱস । সমগ্ৰ দেশৰ লগতে কলিয়াবৰৰ বিদ‍্যালয়সমূহতো উদযাপন কৰা হয় শিক্ষক দিৱস । কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ লগতে শিশু বিদ‍্যালয়ত আয়োজন কৰা শিক্ষক দিৱসৰ কাৰ্যসূচীত গীত-নৃত‍্য পৰিৱেশনৰে দেশৰ মহান শিক্ষাবিদগৰাকীক স্মৰণ কৰা হয় । শিক্ষক দিৱস উপলক্ষে বিদ্যালয়খনত আয়োজিত অনুষ্ঠানত এগৰাকী ছাত্ৰী বক্তাই বৰ্ণনা কৰিলে এখন বিশেষ ছবিৰ কথা ।  

ছবিখন ১৯৬২ চনৰ চীনা যুদ্ধত পলাই অহা এজন লামাই তিব্বতৰ পৰা ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ এখন গ্লাচ্‌ পেইণ্টিং লগত আনি কলিয়াবৰ হাইস্কুল, শিলঘাটত নিৰাপদ সংৰক্ষণৰ বাবে থৈ গৈছিল সেই সময়ৰ বিদ‍্যালয়ৰ প্ৰধান শিক্ষক প্ৰয়াত পুষ্পকান্ত খাউণ্ডক আৰু সেই গ্লাচ্‌ পেইণ্টিংখন আজিও সুৰক্ষিত হৈ আছে কলিয়াবৰত । যুদ্ধৰ বিভীষিকাৰ সময়ত নিজৰ জীৱনৰ নিৰাপত্তা বিচাৰি পলাই অহা এজন বিদেশীৰ এই কৰ্মই প্ৰমাণ কৰে ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ মহান ব‍্যক্তিত্বৰ ছবিখন । আজিও এতিয়াৰ শিলঘাটৰ কলিয়বৰ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ত সংৰক্ষিত হৈ আছে । 

লগতে পঢ়ক:Sivasagar murder case: যেতিয়া পৰিয়ালেই ঘাতক হয়; পত্নী, পুত্ৰ, কন্যাই হত্যা কৰিলে লোকক !

ABOUT THE AUTHOR

...view details