বিজয়া দশমীত কমলপুৰত জ্বলিল ৰাৱণৰ প্ৰতিমূৰ্তি
পূজাৰ আনন্দোল্লাসৰ পাছতে বুধবাৰে বিয়লিলৈ ম্লান পৰিল সমগ্ৰ ৰাজ্য ৷ মহালয়াত ধৰালৈ অহা দুৰ্গতি নাশিনী মা দুৰ্গা বিজয়া দশমীৰ দিনা পুনৰ কৈলাশলৈ ঘূৰি গ'ল ৷ মা দুৰ্গাৰ বিদায়ৰ এই দিনটোতে অৰ্থাৎ বিজয়া দশমীৰ দিনা দেশ তথা ৰাজ্যজুৰি পালন কৰা হ'ল ৰাৱণ দাহনৰ পৰ্ব (Dussehra Ravan Dahan 2022) ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কামৰূপৰ কমলপুৰতো অনুষ্ঠিত হ'ল ৰাৱণ দাহন কাৰ্যসূচী (Ravan Dahan at Kamalpur)। ৰাৱণ দাহন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই (MLA Diganta Kalita present at Ravan Dahan) । বিধায়কগৰাকীয়ে এই ৰাৱণ দাহনৰ জৰিয়তে সমাজৰ সকলো অশুয়া অমংগল দূৰ কৰিব বুলি আশা ব্যক্ত কৰে । বিজয় দশমীৰ দিনা দেৱীক বিসৰ্জন দিয়াৰ পিছতে অনুষ্ঠিত হয় দশেৰা উৎসৱ ।
Last Updated : Feb 3, 2023, 8:29 PM IST