অসম

assam

Raaslila at Noonmati: নুনমাটিত শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা

By

Published : Nov 9, 2022, 10:20 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ৰাস মহোৎসৱৰ উৎসাহপূৰ্ণ আয়োজন (Raas in Assam) । বৃহত্তৰ গুৱাহাটী শিল্পী সমাজৰ উদ্যোগত আৰু নুনমাটি ২ নং আৱাসিক এলেকাৰ বিনোদন কেন্দ্ৰৰ সহযোগত মঙলবাৰে ২ নং আৱাসিক এলেকাৰ বিনোদন কেন্দ্ৰৰ ৰংগমঞ্চত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা উৎযাপন কৰা হয় (Raaslila at Noonmati) । বসুদেৱ দৈৱকীৰ বিবাহৰ পৰা আৰম্ভ কৰি কংস বধলৈ পূৰ্ণাংগ ৰূপত মঞ্চস্থ কৰা হয় এই ৰাসলীলা । উক্ত দিনৰ কাৰ্যসূচী অনুসৰি সন্ধিয়া ৬ বজাত সংগীত নাটক একাডেমী (Sangeet Natak Akademi Awardee) আৰু নাটসূৰ্য্য ফণী শৰ্মা বঁটা (Natasurya Phani Sarma Memorial Award) প্ৰাপক দুলাল ৰয়ে উদ্বোধন কৰে এই পূৰ্ণাংগ ৰাসখন । মহানগৰীৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ২ সহস্ৰাধিক লোকে উপভোগ কৰে ভগৱান শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা । কৃষ্ণৰ অলৌকিক, পাৰমাৰ্থিক লীলাক সুঁৱৰি কৃষ্ণ ভক্তিত গদগদ হৈ পৰে ভক্তপ্ৰাণ ৰাইজ ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details