অসম

assam

সামৰণি পৰিল মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰৰ ৰাস মহোৎসৱ

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 9:56 AM IST

Updated : Nov 28, 2023, 10:13 AM IST

ETV Bharat / videos

সামৰণি পৰিল মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰৰ ৰাস মহোৎসৱৰ

মাজুলী, 28 নৱেম্বৰ : সামৰণি পৰিল মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰৰ ৰাস মহোৎসৱ ৷ দক্ষিণপাট সত্ৰত শনিবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হোৱা ৰাস মহোৎসৱৰ সোমবাৰে নিশা সামৰণি পৰে ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ঐতিহাসিক দক্ষিণপাট সত্ৰৰ ৰাসৰ প্ৰথম দিনা অধিবাস, দ্বিতীয় দিনা মহাৰাস আৰু শেষৰ দিনা দিন ৰাস অনুষ্ঠিত হয় ৷

উল্লেখ্য যে, ৰাসৰ শেষৰ দিনা ইন্দ্ৰাবিশেষ নৃত্য আৰু বিগ্ৰহ ফুৰাই ঐতিহাসিক সত্ৰখনৰ ৰাস মহোৎসৱৰ সামৰণি পৰে ৷ প্ৰতি বছৰৰ দৰে এইবাৰো দক্ষিণপাট সত্ৰত ৰাস উপভোগ কৰিবলৈ হাজাৰ হাজাৰ দেশী-বিদেশী পৰ্যটকৰ আগমন হোৱা বুলি উল্লেখ কৰে সত্ৰখনৰ ভকত-বৈষ্ণৱে । উল্লেখ্য যে, এইবাৰ মাজুলীত অৰ্ধ শতাধিক মঞ্চ আৰু 12 খনকৈ সত্ৰত অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ ৷

লগতে পঢ়ক :দ্বিতীয় বৃন্দাবনলৈ পৰ্যবসিত মাজুলীৰ দক্ষিণপাট সত্ৰ

Last Updated : Nov 28, 2023, 10:13 AM IST

ABOUT THE AUTHOR

...view details