বিৰল প্ৰজাতিৰ মাছ চাবলৈ কলগাছিয়াত মানুহৰ ভিৰ - Rare species of fish recovered in Barpeta
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত সাওৰাচৰা শান্তি বজাৰত উদ্ধাৰ এক বিৰল প্ৰজাতিৰ মাছ (Rare species of fish recovered in Barpeta)। বিৰল প্ৰজাতিৰ মাছটো চাবলৈ হেতা-ওপৰা ৰাইজৰ । উল্লেখ্য যে পুৱা মাছমৰীয়াই সাওৰাচৰা বেকী নদীত মাছ মাৰি থাকোতে হঠাৎ এই বিৰল প্ৰজাতিৰ মাছটো জালত ধৰা পৰে । যাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰো সৃষ্টি হয় । কোনোদিনে নেদেখা মাছটো চাবলৈ বিভিন্ন স্থানৰ পৰা আহি লোকসকলে ভিৰ কৰা পৰিলক্ষিত হয় । অৱশ্যে ৰাইজে এই মাছটোৰ নাম বাকৈছ বুলি জানিবলৈ দিয়ে । এই মাছ পূৰ্বপুৰুষসকলেও উদ্ধাৰ কৰিছিল বুলি জানিবলৈ দিয়ে অঞ্চলটোৰ লোকসকলে ।
Last Updated : Feb 3, 2023, 8:24 PM IST