Bengal slow loris: জোনাইত ৰাইজে উদ্ধাৰ কৰিলে দুষ্প্ৰাপ্য লাজুকী বান্দৰ
জোনাই, ২৪ জুন:ধেমাজি জিলাৰ জোনাইত ৰাইজে উদ্ধাৰ কৰিলে বিৰল প্ৰজাতিৰ লাজুকী বান্দৰ ৷ জোনাইত শুকুৰবাৰে নিশা ১০.৩০ বজাত ৰাইজে উদ্ধাৰ কৰি বন বিভাক গতাই দিয়ে লাজুকী বান্দৰটো ৷ খাদ্যৰ সন্ধানত লাজুকী বান্দৰটো কাষতে থকা পবা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
নিশা বাৰীত বগাই থকা অৱস্থাত ৰাইজে দেখা পাই বন বিভাগক খবৰ দিয়ে । পিচত উক্ত স্থানত বন বিভাগৰ লোক উপস্থিত হৈ ৰাইজৰ সহযোগত বিৰল প্ৰজাতিৰ লাজুকী বান্দৰটো উদ্ধাৰ কৰে । খাদ্যৰ সন্ধানত লাজুকী বান্দৰটো কাষতে থকা পবা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । অৱশেষত,বন বিভাগে লাজুকী বান্দৰটো নিশাই পবা সংৰক্ষিত বনাঞ্চলৰ লেকু খণ্ডত এৰি দিয়ে ।
লগতে পঢ়ক:Flood Situation in Assam: বানৰ কৱলত প্ৰায় ৪.৮৯ লাখ লোক, মৃত্যুৰ সংখ্যা ২ জনলৈ বৃদ্ধি
TAGGED:
Bengal slow loris