Rare Gecko rescued: মিছামাৰীত দুষ্প্ৰাপ্য কেঁকোসাপ উদ্ধাৰ
শোণিতপুৰৰ মিছামাৰীত উদ্ধাৰ দুষ্প্ৰাপ্য কেঁকোসাপ (Rare Gecko rescued in Sonitpur)৷ চুবুৰীয়াৰ ঘৰত কেঁকোসাপটো উদ্ধাৰ কৰি সুৰক্ষিতভাৱে গাভৰু খণ্ড বন কাৰ্যালয়ত গতাই দিয়ে এগৰাকী প্ৰকৃতি প্ৰেমীয়ে । মিছামাৰীৰ বাবু কাজি নামৰ ব্যক্তিগৰাকীয়ে ওচৰৰে এগৰাকী মহিলাৰ ঘৰত এটা কেঁকোসাপ প্ৰত্যক্ষ কৰে । লগে লগে তেওঁ সুৰক্ষিতভাৱে কেঁকোসাপটো উদ্ধাৰ কৰি বন বিভাগৰ স্থানীয় কাৰ্যালয়ত চমজাই দিয়ে (Nature lover Babu Kaji rescues Gecko in Misamari)। উল্লেখ্য বাবু কাজি নামৰ ব্যক্তিগৰাকীয়ে বিগত প্ৰায় ৪ বছৰ ধৰি বন্যপ্ৰানী সুৰক্ষা আৰু সংৰক্ষণৰ কাম কৰি আহিছে ৷ অঞ্চলটোত উদ্ধাৰ হোৱা বিষাক্ত সাপকে ধৰি বিভিন্ন বন্যপ্ৰাণীসমূহক বন বিভাগক চমজাই দি আহিছে কাজিয়ে ৷ বাবু কাজিৰ এই কামক এতিয়া প্ৰশংসা কৰিছে অঞ্চলবাসীৰ লগতে প্ৰকৃতিপ্ৰেমীয়ে ।
Last Updated : Feb 3, 2023, 8:24 PM IST