অসম

assam

দুস্প্ৰাপ্য চেং মাছ উদ্ধাৰক লৈ কলগাছিয়াত চাঞ্চল্য

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 7:11 PM IST

দুস্প্ৰাপ্য চেঙ মাছ উদ্ধাৰক লৈ কলগাছিয়াত চাঞ্চল্য

জনীয়া,২৩ ডিচেম্বৰ:আন্তৰ্জাতিক বজাৰত চাহিদা থকা ভাৰতবৰ্ষৰ আটাইতকৈ অধিক মূল্যৰ চেং মাছ উদ্ধাৰ কলগাছিয়াৰ বেঁকী নদীত । অলপতে ডিব্ৰুগড় বন বিভাগে অভিযান চলাই ডিব্ৰুগড় বিমানবন্দৰৰ পৰা ৫০০ টাকৈ দুষ্প্ৰাপ্য বৰ চেং (Channa Barca) মাছ জব্দ কৰা ঘটনাৰ পিছতেই শনিবাৰে কলগাছিয়াৰ বলাইপাথাৰ গাঁৱৰ জুব্বাৰ আলী নামৰ এজন মাছমৰীয়াই বেঁকী নদীত মাছ মাৰি থাকোতে জালত পৰে এই দুষ্প্ৰাপ্য চেং মাছটো । মানাহ অভয়াৰণ্যৰ পৰা দুষ্প্ৰাপ্য চেং মাছটো বেঁকী নদীলৈ নামি অহাৰ সন্দেহ কৰে ৰাইজে ।  

চীন, জাপান, থাইলেণ্ড আদি আন্তৰ্জাতিক বজাৰত চাহিদা থকা লাখটকীয়া এই আলংকৰিক মাছটো সযতনে ঘৰত থৈ দিয়াৰ লগতে বন বিভাগক মাছটো লৈ যোৱাৰ আহ্বান জনাই মাছমৰীয়া জুব্বাৰ আলীয়ে । এই বিৰল প্ৰজাতিৰ মাছ চিকাৰ কৰাটো আইনমতে দণ্ডনীয় যদিও মাছমৰীয়া জনৰ জালত অন্য মাছৰ সৈতে উদ্ধাৰ হোৱাৰ বাবে মৰিবলৈ দিয়া নাই মাছটো । চেং মাছটো ধৰা পৰাৰ লগে লগে বন বিভাগৰ লগতে সাংবাদিকক খবৰ দিয়ে মাছমৰীয়া জুব্বাৰ আলীয়ে ।  

লগতে পঢ়ক:গঁড়ৰ খৰ্গই নহয়, চেঙেলি মাছৰো আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰত আছে ভাল দৰ

ABOUT THE AUTHOR

...view details