অসম

assam

ইটাখোলাত উদ্ধাৰ দুষ্প্ৰাপ্য পক্ষী

ETV Bharat / videos

Bird rescued : ইটাখোলাত উদ্ধাৰ দুষ্প্ৰাপ্য পক্ষী; বন বিভাগক হস্তান্তৰ - Rare birds rescued

By

Published : May 28, 2023, 8:52 PM IST

চতিয়া, ২8 মে': বিশ্বনাথ জিলাৰ ইটাখোলাৰ নিকটৱৰ্তী জংঘলবস্তিত এটি দুষ্প্ৰাপ্য পক্ষী উদ্ধাৰক লৈ ব্যাপক কৌতূহল (Rare birds rescued)। স্থানীয় মহিলা সাবিত্ৰী বেনাৰ্জীৰ ঘৰৰ ওচৰত পক্ষীটো দেখাৰ পাচতে স্থানীয় লোকসকলে স্থানীয় সাংবাদিক আৰু দিপলোঙা বনাঞ্চলিক কাৰ্যালয়ত খবৰ দিয়ে ।

খবৰ পোৱাৰ পাচতে সংবাদ মাধ্যমৰ লোক আৰু বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ পক্ষীটো উদ্ধাৰ কৰে । বন বিভাগৰ লোকে জনোৱা মতে পক্ষীটো অসুস্থ হৈ আছে । যাৰ বাবে বন বিভাগৰ লোকসকলে পক্ষীটো চিকিৎসালয় লৈ প্ৰেৰণ কৰে । দিপলোঙা বনবিভাগৰ লোকে এই ধৰণৰ পক্ষী কেতিয়াও নেদেখাৰ কথা উল্লেখ কৰে । একাংশই সন্দেহ কৰা মতে পক্ষীটো দেখিবলৈ বগলীৰ দৰে । যাৰ বাবে একে প্ৰজাতিৰ কোনো পক্ষী বুলি সন্দেহ কৰিছে (Grey heron rescued)।

লগতে পঢ়ক :Raid against Fake currency: নগাঁৱৰ নিজ বাসগৃহৰ চিলিঙত লুকাই থকা অৱস্থাত আটক জালনোট সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details