অসম

assam

ধৰ্ষণকাৰী অধ্যক্ষক যাৱজীৱন কাৰাদণ্ড আৰু ২০ হাজাৰ টকাৰ জৰিমনা

ETV Bharat / videos

Life time jail to rapist principal: ধৰ্ষণকাৰী অধ্যক্ষক যাৱজীৱন কাৰাদণ্ড আৰু ২০ হাজাৰ টকাৰ জৰিমনা - Life time jail to rapist principal

By

Published : Aug 1, 2023, 8:57 PM IST

কোকৰাঝাৰ,১ আগষ্ট: কোকৰাঝাৰ জিলাৰ এখন আৱাসিক বিদ্যালয়ৰ অধ্যক্ষ ডেভিড ব্ৰাইট বসুমতাৰীক মঙলবাৰে কোকৰাঝাৰ বিশেষ আদালতে যাৱজ্জীৱন কাৰাদণ্ড আৰু ২০ হাজাৰ টকাৰ জৰিমনা বিহে । পাঁচগৰাকী ছাত্ৰীক ধৰ্ষণৰ অভিযোগত সোমবাৰে আদালতে অধ্যক্ষগৰাকীক দোষী সাব্যস্ত কৰি  জে কোচৰ বিশেষ আদালতে উক্ত ৰায়দান দিয়ে ।

ভুক্তভোগীৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰা অধিবক্তা মনজিৎ ঘোষে সদৰি কৰা অনুসৰি ২০২২ চনতে পাঁচগৰাকী ছত্ৰীক এখন ব্যক্তিগত আৱাসিক বিদ্যালয়ৰ অধ্যক্ষ ডেভিড ব্ৰাইট বসুমতাৰীয়ে ধৰ্ষণ কৰা বুলি দুটাকৈ গোচৰ পঞ্জীয়ন হৈছিল । তাৰেই আধাৰত কোকৰাঝাৰ বিশেষ আদালতৰ গোচৰ নং ১৫/২২ আৰু ২০/২২ মৰ্মে আদালতে ১৬ গৰাকী ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰি বিচাৰ প্ৰক্ৰিয়া চলাই নিয়ে ।  

অৱশেষত সোমবাৰে জে কোচৰ বিশেষ আদালতে গোচৰ দুটাৰ চুড়ান্ত ৰায়দান সম্পন্ন কৰে । সেইমৰ্মে আদালতত দোষী সাব্যস্ত হোৱা অধ্যক্ষ ডেভিড ব্ৰাইট বসুমতাৰীক পকচ' আইনৰ ধাৰা অনুসৰি যাৱজ্জীৱন কাৰাদণ্ড আৰু ২০ হাজাৰ টকাৰ জৰিমনাৰে দণ্ডিত কৰে । 

লগতে পঢ়ক:Protest at Boginodi: পথ মেৰামতিৰ দাবীত প্ৰতিবাদ ; নৱ দলেক মিছলীয়া বিধায়ক আখ্যা প্ৰতিবাদকাৰীৰ

ABOUT THE AUTHOR

...view details