বেংকত দালালৰ দপ-দপনি: ৰঙিয়া আৰক্ষীৰ জালত দুই বেংকৰ দালাল - SBI
Published : Nov 29, 2023, 1:26 PM IST
ৰঙিয়া, 29 নৱেম্বৰ : ঋণ ল’বলৈ যাওঁতে সাৱধান হওক ৷ ৰঙিয়াত ঋণ প্ৰদানৰ নামত দালালৰ দপ-দপনি । বুধবাৰে ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই বেংকৰ দালালক ৷ লগতে আৰক্ষীয়ে দুই ধৃত দালালৰ পৰা আপত্তিজনক নথি-পত্ৰ জব্দ কৰে ।
দুয়ো ধৃত দালালে দীৰ্ঘদিনৰ পৰা বেংকৰ গ্ৰাহকক ঋণ দিয়াৰ নামত গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ধৃত দুয়ো হৈছে ৰঙিয়াৰ কানিকুছিৰ ৰূপেন কলিতা আৰু ৰঙিয়াৰ কুমাৰপাৰাৰ যোগেন কলিতা ।
অভিযোগ অনুসৰি, ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া বজাৰ শাখাত দুই দালালে দীৰ্ঘদিন ধৰি পৰা একাংশ বেংক বিষয়াৰ সৈতে গোপন বুজাবুজিৰে দালালি কৰি আহিছিল । বিশেষকৈ চৰকাৰী চাকৰিয়ালসকলক মূল লক্ষ্য হিচাপে লৈ ব্যৱসায় অব্যাহত ৰাখিছিল ৷
এই সমগ্ৰ ঘটনা সন্দৰ্ভত ৰঙিয়া বজাৰ শাখাৰ ব্ৰাঞ্চ মেনেজাৰ বিশাল তালুকদাৰে গা এৰা মন্তব্য আগবঢ়াইছে । উল্লেখ্য যে, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই পূৰ্বতে ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়াৰ দুটাকৈ শাখাত দালাল ৰাজ অব্যাহত থকা সন্দৰ্ভত SBI ৰ উৰ্ধতম মহললৈ লিখিত অভিযোগ প্ৰেৰণ কৰিছিল । লিখিত অভিযোগ দিয়াৰ পিচতে ভাৰতীয় ষ্টেট বেংকৰ ক্ষেত্ৰীয় সংমণ্ডলৰ পৰা নামমাত্ৰে তদন্ত কৰি বিষয়টো গাপ দি ৰাখিছিল তদন্তকাৰী বিষয়াকেইজনে ৷
লগতে পঢ়ক :ঐশ্বর্য জীৱন বৰুৱা-শ্বাহজাহান সৰকাৰক ১৪ দিনৰ বাবে ন্যায়িক জিম্মাত