অসম

assam

ৰঙিয়ালৈ আদৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধ্বজা

ETV Bharat / videos

Dharma dhwaja of Sankardeva Sangha: ৰঙিয়াবাসীয়ে আদৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধ্বজা - Dharma dhwaja of Sankardeva Sangha

By

Published : Feb 14, 2023, 10:28 AM IST

ৰঙিয়া,১৪ ফ্ৰেব্ৰুৱাৰী:সামৰণি পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ৯২ সংখ্যক বাৰ্ষিক জোনাই অধিৱেশন(Successful conclusion of Jonai Conference) । নিজম পৰিল পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ(92nd Srimanta Sankardev Sangha Annual Conference) । প্ৰায় ৬ লক্ষাধিক ভকত বৈষ্ণৱৰ উপস্থিতিত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হোৱা চিমেন চাপৰিৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিলে ভবেন্দ্ৰ নাথ ডেকাই । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰম্পৰা আৰু নিয়ম অনুসৰি সংঘৰ ধৰ্মধ্বজা লৈ অনা হ'ল ৰঙিয়ালৈ(Dharma dhwaja of Sankardeva Sangha) । কিয়নো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰৱৰ্তী অধিৱেশন অনুষ্ঠিত হ'ব ৰঙিয়াত । 

সোমবাৰে জোনাই চিমেন চাপৰিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধ্বজা লৈ ৰঙিয়াত উপস্থিত হয় বৃহৎ সংখ্যক বাপ-বৈষ্ণৱ । জোনাইৰ চিমেন চাপৰিত অনুষ্ঠিত হৈ যোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ সামৰণি অনুষ্ঠানৰ পিচতে প্ৰায় তিনিশ বাপ-বৈষ্ণৱ উপস্থিত হয় ৰঙিয়াত(Devotees gathered at Rangia) । জোনাই অধিৱেশন সামৰণি পৰাৰ পিচতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মধ্বজা লৈ ৰঙিয়া জিলালৈ যাত্ৰা আৰম্ভ কৰিছিল দলটোৱে । 

জোনাইৰ পৰা ৰেল যোগে আহি মঙলদৈত উপস্থিত হৈ মঙ্গলদৈৰ পৰা শোভাযাত্ৰা কৰি বাপ-বৈষ্ণৱসকলে ধৰ্মধ্বজা লৈ ৰঙিয়াত উপস্থিত হয় । ৰঙিয়াৰ চেপ্তিত সোমবাৰে দলটো উপস্থিত হোৱাৰ লগে লগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলা শাখাৰ কৰ্মকৰ্তা সকলে গায়ন-বায়ন হৰিনামৰ ধ্বনিৰে আদৰণি জনাই ৰঙিয়া জিলা শাখাৰ নামঘৰলৈ আঁদৰি আনে ধৰ্মধ্বজা কঢ়িয়াই অনা দলটোক (Rangia people welcomed Dharma dhwaja) । 

এই লৈ এক উৎসৱ মুখৰ পৰিৱেশ দেখা গ'ল ৰঙিয়াত । ৰঙিয়াৰ ৰাজপথত যেন পাৰি দিয়া হ'ল এখনি শুভ্ৰ দলিছা । কৃষ্ণ কৃষ্ণ ধ্বনিৰে মুখৰিত হৈ পৰিল ৰঙিয়াৰ আকাশ বতাহ । উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২০২৪ চনত অনুষ্ঠিত হব লগা ৯৩ সংখ্যক ৰঙিয়া জিলা অধিৱেশনৰ বাবে জোনাই চিমেন চাপৰিৰ পৰা লৈ অহা ধৰ্মধ্বজাখন ৰঙিয়াত ৰখা হ'ব বুলি জানিবলৈ দিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৱ নিৰ্বাচিত পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই । 

নৱ নিৰ্বাচিত পদাধিকাৰ গৰাকীয়ে কয় য়ে এই ধৰ্মধ্বজাৰ তলতে অসমৰ লাখ লাখ লোক একত্ৰিত হৈ আছে । সেয়ে এই ধৰ্মধ্বজা সকলোৰে অতি শ্ৰদ্ধাৰ । ৰঙিয়াৰ বৰ নামঘৰৰ মণিকূটত এই ধৰ্মধ্বজাভাগ অতি শ্ৰদ্ধা সহকাৰে ৰাখি ২০২৪ চনৰ ফ্ৰেব্ৰুৱাৰীত ৰঙিয়াত অনুষ্ঠিত হ'বলগীয়া ৯৩ সংখ্যক ৰঙিয়া জিলা অধিৱেশনত উত্তোলন কৰা হ'ব বুলি জানিবলৈ দিয়ে নৱ নিৰ্বাচিত পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকাই । 

লগতে পঢ়ক:Abhijit Sarma challenged Ex CJI: ‘‘আই উইল ছী ইউ ইন নলবাৰী ক’ৰ্ট’’; ৰঞ্জন গগৈক আভিজিৎ শৰ্মাৰ হুংকাৰ

ABOUT THE AUTHOR

...view details