Hath se Hath jodo yatra at Rangia: ৰঙিয়া কংগ্ৰেছৰ উদ্যোগত হাত সে হাত জোড়ো যাত্ৰা - ৰঙিয়া নগৰ আৰু ব্লক সমিতি
ৰঙিয়া, 3 মাৰ্চ:26 জানুৱাৰীৰ পৰা সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে ৰঙিয়াতো কংগ্ৰেছ দলে আৰম্ভ কৰে হাত সে হাত জোড়ো যাত্ৰা (Hath se hath jodo yatra in India) । ৰঙিয়া বিধানসভা সমষ্টিৰ কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু দলীয় কৰ্মীৰ উপস্থিতিত হাত সে হাত জোড়ো কাৰ্যসূচীৰ ৰঙিয়াত আৰম্ভণি কৰা হয় । অভিযানৰ মূল লক্ষ্যক সাৰোগত কৰি কংগ্ৰেছ দলৰ কৰ্মীসকলে বিজেপি চৰকাৰৰ জনসাধাৰণ বিৰোধী নীতি তথা প্ৰাক নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনায় (Hath se Hath jodo yatra at Rangia) ৷ দলটোৰ কামৰূপ জিলা কমিটিৰ উদ্যোগ তথা ৰঙিয়া নগৰ আৰু ব্লক সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচীৰ ।
কামৰূপ গ্ৰাম্য জিলা কংগ্ৰেছ দলৰ সভাপতি কংকন দাস, সদস্য বিবুলৰ ৰহমান, ৰঙিয়া ব্লক সমিতিৰ সভাপতি উদ্ধৱ দাস প্ৰমুখ্যে নেতৃবৃন্দৰ নেতৃত্বত ৰূপায়ণ কৰা হাত ছে হাত জোড়ো কাৰ্যসূচীত জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে । অভিযানৰ পূৰ্বে স্থানীয় ৰাজীৱ ভবনত দলীয় নেতৃবৃন্দৰ লগতে কৰ্মীসকল সমবেত হৈ ৰঙিয়া নগৰ পৰিভ্ৰমণৰে ৰূপায়ণ কৰে হাত সে হাত জোড়ো যাত্ৰা ।
লগতে পঢ়ক :Allocation of PMAY houses: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত যোৰহাটত ব্যাপক দুৰ্নীতি !