অসম

assam

ৰঙালী বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি

ETV Bharat / videos

Rangali Bihu 2023 : 6 দিনীয়াকৈ নলবাৰীৰ বৰতলাত আয়োজন বিহুৰ কৰ্মশালা

By

Published : Apr 7, 2023, 6:14 PM IST

নলবাৰী, 7 এপ্ৰিল : বাপতি সাহোন ৰঙালী বিহুটিলৈ মাজত মাথোঁ আৰু কেইটামান দিন বাকী (Rangali Bihu 2023)। গছে-বনে সলাইছে পাত ৷ ব’হাগত এপাক ককাল ভাঙি নাচিবলৈ এতিয়া সাজু হৈছে ৰাজ্যৰ নাচনীও । সমগ্ৰ ৰাজ্যতে ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে (Rangali Bihu preparation in Assam) ।

ইয়াৰ মাজতে আকৌ ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহুনাচ আৰু ঢোল বাদনৰ কৰ্মশালা । ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ নলবাৰী জিলাৰ বৰতলাতো অনুষ্ঠিত কৰা হৈছে বিহুৰ কৰ্মশালা (Rangali Bihu Workshop In Nalbari) । বৰতলা যুৱ মঞ্চৰ উদ্যোগত 2 এপ্ৰিলৰ পৰা 6 দিনীয়াকৈ 7 এপ্ৰিললৈ অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা । উক্ত বিহু কৰ্মশালাত অঞ্চলটোৰ শিশুৰ পৰা কিশোৰীৰ পৰা যুৱতীলৈকে শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।

এই বিহু কৰ্মশালাখনত বিমান বৰুৱা, জয়ন্ত সোণোৱাল, নিলম নিৰ্মালী বাইলুং, প্ৰাঞ্জল কাকতিৰ লগতে বহুকেইজন অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰাই প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে আয়োজকসকলে ৷ এনেদৰে সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীৰ বৰতলাতো দেখা গৈছে ৰঙালী বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি ।

লগতে পঢ়ক :Orchid conservation center: প্ৰায় ৭৫০ বিধ কপৌফুলেৰে জাতিষ্কাৰ হৈ পৰিছে দাৰিয়াভেটিৰ এখন অৰ্কিড সংৰক্ষণ কেন্দ্ৰ

ABOUT THE AUTHOR

...view details